India vs New Zealand 2021 : ২২ বছৰ পাছত টেষ্ট ইনিংছত ১০ উইকেট ! দীর্ঘ ১৪৪ বছৰৰ ইতিহাসত তৃতীয়বাৰ

ajaj patel 1

ইনিংছত ১০টা উইকেট ল’লে অজাজ পেটেলে । তেওঁ বিশ্বৰ তৃতীয় বলাৰ যিয়ে এই কৃতিত্ব অর্জন কৰিলে । জিম লেকাৰ, অনিল কুম্বলেৰ পাছত অজাজে বিপক্ষৰ ইনিংছৰ সকলো উইকেট ল’বলৈ সক্ষম হয় ।

সুদীর্ঘ ২২ বছৰ পাছত ইনিংছত ১০টা উইকেট লোৱাৰ নজিৰ তৈয়াৰ হ’ল । টেষ্ট ক্রিকেটৰ ১৪৪ বছৰৰ ইতিহাসত এয়াই তৃতীয়বাৰ এই ঘটনা সংঘটিত হ’ল । আগৰ দুবাৰত এই নজিৰ গঢ়িছিল সংশ্লিষ্ট বলাৰসকলে দেশৰ ভূমিত । বিদেশৰ মাটিত তেৱেঁই একমাত্র বলাৰ, যিয়ে এই কৃতিত্ব অর্জন কৰিলে ।

ইনিংছত ১০ উইকেট লোৱাৰ প্রথম নজিৰ ইংলেণ্ডৰ জিম লেকাৰৰ । এই অৱ স্পিনাৰজনে ১৯৫৬ ত ইংলেণ্ডৰ মেঞ্চেষ্টাৰ ইনিংছত ১০টা উইকেট লৈছিল । সেইবাৰ বিপক্ষত আছিল ইয়ান জনছনৰ অষ্ট্ৰেলিয়া । দ্বিতীয় ইনিংছত এই কৃতিত্ব অর্জন কৰে তেওঁ । সেই মেচত প্রথম ইনিংছত নটা উইকেট লৈছিল লেকাৰে । অর্থাৎ সেই টেষ্ট মেচত ১৯টা উইকেট লৈছিল তেওঁ ।

টেষ্ট ইনিংছত ১০টা উইকেট লোৱাৰ দ্বিতীয় ঘটনাটো ঘটিছিল ১৯৯৯ত । দিল্লীৰ ফিৰোজ শ্বাহ কোটলাত এই কৃতিত্ব অর্জন কৰিছিলেন কুম্বলেয়ে । ৱাছিম আক্রমৰ পাকিস্তানৰ বিৰুদ্ধে ইনিংছত ১০টা উইকেট লৈছিল তেওঁ ।

পাছত মুম্বাইত বিৰাট কোহলীৰ ভাৰতৰ বিৰুদ্ধে ইনিংছত ১০টা উইকেট লোৱাৰ নজির গঢ়ে নিউজিলেণ্ডৰ অজাজে । এই পর্যন্ত যি তিনিজনে এই কৃতিত্ব অর্জন কৰিলেন, তেওঁলোক সকলোৱে স্পিনাৰ ।

Exit mobile version