কর্নাটক, গুজৰাতৰ পাছত এইবাৰ দেশত অ’মিক্রনৰ চতুর্থ আক্রান্তৰ সন্ধান পোৱা গ’ল মুম্বাইত । ৰাজ্য প্রশাসনৰ এজন বিষয়াৰ বক্তব্যক উদ্ধৃত কৰি সংবাদ সংস্থা পিটিআই-য়ে জনাইছে, আক্রান্তৰ বয়স ৩৩বছৰ । তেওঁ মহাৰাষ্ট্রৰ ডোম্বিবলীৰ বাসিন্দা । নৱেম্বৰৰ শেষৰফালে দক্ষিণ আফ্রিকাৰ পৰা ডুবাই আৰু দিল্লী হৈ মুম্বাই বিমানবন্দৰত নামে তেওঁ । তেওঁৰ ক’ভিড পৰীক্ষা কৰাত ৰিপ’র্ট পজিটিভ আহে । তাৰ পাছতেই তেওঁক কল্যাণ-ডোম্বিবলীৰ ক’ভিড কেয়াৰ কেন্দ্রত ভর্তি কৰোৱা হৈছে । তাতেই চিকিৎসা চলিছে লোকজনৰ ।
তথ্য অনুসৰি, আক্রান্ত লোকজন মেৰিন ইঞ্জিনিয়াৰ । তেওঁ ক’ভিডৰ কোনো টিকা লোৱা নাই । যোৱা ২৪ নৱেম্বৰত মুম্বাইত উপস্থিত হোৱাৰ পাছতেই সামান্য জ্বৰ উঠে । তাৰ পাছতেই লোকজনৰ ক’ভিড পৰীক্ষা কৰা হয় । তেতিয়াই তেওঁক অ’মিক্রনত আক্রান্ত পোৱা যায় ।
দিল্লীৰ পৰা মুম্বাইলৈ অহা বিমানত লোকজনৰ সংস্পর্শচ অহা ২৫ সহযাত্রীৰো ক’ভিড পৰীক্ষা কৰা হয় । কিন্তু তেওঁলোক সকলোৰে ৰিপ’র্ট নেগেটিভ আহিছে বুলি প্রশাসন সূত্রে খবৰ ।
শনিবাৰে গুজৰাতৰ জামনগৰত এজন লোকৰ শৰীৰত অ’মিক্রনৰ সন্ধান পোৱা যায় । সম্প্রতি তেওঁ জিম্বাবোৱেৰ পৰা উভতিছিল । দেশত প্রথম অ’মিক্রন আক্রান্তৰ সন্ধান পোৱা যায় কর্নাটকত । ৬৬ বছৰীয়া এজন পুৰুষ আৰু ৪৬ বছৰীয়া এগৰাকী মহিলাৰ শৰীৰত এই ভাইৰাছৰ পোৱা গৈছে ।