আলোচনাপন্থী ডিএন‌এল‌এ উগ্ৰপন্থীৰ দ্বাৰা শ্ৰমিকক হত্যা : পাঁচজনক গ্ৰেপ্তাৰ

সোমবাৰে বিয়লি ডিমা-হাছাওত আলোচনাপন্থী উগ্ৰপন্থী ডিএন‌এল‌এ সদস্যই দুজন শ্ৰমিকক হত্যা কৰে । মাইবাঙত সংঘটিত এই ঘটনাই জিলাখনত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

আজি এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী সঞ্চালক হীৰেন চন্দ্ৰ নাথে সাংবাদিকৰ আগত কয়, ‘ডিএন‌এল‌এৰ অন্যান্য সদস্যসকলৰ স’তে আলোচনা কৰা হ’ব । ইতিমধ্যে ডিএন‌এল‌এ উক্ত ঘটনা সংঘটিত কৰা চাৰিজন সদস্য আৰু এজন সাধাৰণ নাগৰিকক আৰক্ষীক গটাইছে ।’

আৰক্ষী সঞ্চালকজনে লগতে কয় যে, ঘটনা সংঘটিতকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব ।

Exit mobile version