ছবছৰৰ পূর্বেও দুর্ঘটনাত পতিত হৈ ভাগি পৰিছিল ৰাৱটৰ হেলিকপ্টাৰ

Bipin Rawat 1638972015704 1638972015935

দুবাৰকৈ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হােৱা ভাৰতীয় সেনাৰ সর্বাধিনায়ক বিপিন ৰাৱটৰ ভাগ্য দ্বিতীয়বাৰলৈ সুপ্রসন্ন নহ’ল। বুধবাৰে তামিলনাডুৰ কুন্নুৰ সংঘটিত হেলিকপ্টাৰ দুর্ঘটনাত নিহত হ’ল ভাৰতীয় সেনাৰ সর্বাধিনায়কজন।

তেওঁৰ লগতে মৃত্যু হয় পত্নীসহ আন ১২জনৰ। অৱশ্যে ছবছৰৰ পূর্বে নগালেণ্ডত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱট সৌভাগ্যক্রমে ৰক্ষা পৰিছিল।

বুধবাৰে দুৰ্ঘটনাতাে শীর্ষ সেনা বিষয়াজন ঘটনাস্থলীতে নিহত হােৱা নাছিল। বৰঞ্চ তেওঁক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছিল যদিও এইবাৰ তেওঁক ভাগ্য লগ নিদিলে।

দুর্ঘটনাৰ কিছু সময়ৰ পাছত চিকিৎসাধীন অৱস্থাত দেশৰ ‘চীফ অৱ ডিফেন্স ষ্টাফ’ বা সশস্ত্র বাহিনীৰ সর্বাধিনায়ক ৰাৱটৰ মৃত্যু হয়।

উল্লেখ্য যে ২০১৫ত নগালেণ্ডৰ ডিমাপুৰত দুর্ঘটনাত পতিত হৈছিল সেনাৰ চিতা হেলিকপ্টাৰ। অৱশ্যে আশ্চর্যজনকভাৱে বাচি যায় তদানীন্তন লেফটেনেন্ট জেনেৰেল ৰাৱট।

২০১৫ ফেব্ৰুৱাৰীত ডিমাপুৰ জিলাৰ ৰাঙাপাহাৰ হেলিপেডৰ পৰা ৰাৱটক লৈ আকাশলৈ উঠিছিল চিতা হেলিকপ্টাৰ। ৰাৱটৰ উপৰি হেলিকপ্টাৰত আছিন আন দুজন সেনা বিষয়।

তেওঁলােক হেলিকপ্টাৰৰ চালকৰ আসনত আছিল। হেলিপেডৰ পৰা উৰাৰ লগে লগে হেলিকপ্টাৰখনৰ ইঞ্জিন আচম্বিতে বন্ধ হৈ পৰে।

ফলত ২০ ফুট উচ্চতাৰ বাবে মাটিত আছাৰ খাই পৰেহি হেলিকপ্টাৰখন। এই দুর্ঘটনাত হেলিকপ্টাৰখন কিছু পৰিমাণে ক্ষতিগ্রস্ত হ’লেও ৰাৱটসহ তিনি আৰােহীয়ে বিপদৰ পৰা ৰক্ষা পৰে। তিনিওজনে সামান্য আঘাত পায়।

Exit mobile version