চীনৰ চৰকাৰে বন্দী কৰি ৰাখিছে ১২৭জন সাংবাদিকক

methode sundaytimes prod web bin 0d3ab95a 4481 11ec 90eb 40ff5161f067

চীন চৰকাৰে দেশখনত ১২৭জন পেছাদাৰী আৰু অপেছাদাৰী সাংবাদিকক কাৰাগাৰত বন্দী কৰি ৰাখিছে । জি জিনপিং চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, চীনত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কাৰাগাৰ এখন কেৱল সাংবাদিকৰ বাবে তৈয়াৰ কৰা হৈছে । এই কাৰাগাৰত দীৰ্ঘদিন ধৰি বন্দী হৈ আছে ১২৭ সাংবাদিক । এইসকল সাংবাদিকৰ সৰহসংখ্যকে ইণ্টাৰনেট আৰু ব্ল’গৰ জৰিয়তে চীনৰ লগতে দেশখনৰ কমিউনিষ্ট চৰকাৰৰ সন্দৰ্ভত বিভিন্ন গুৰুত্বপূৰ্ণ বা-বাতৰি প্ৰচাৰ কৰিছিল ।

চৰকাৰ বিৰোধী বাতৰি প্ৰচাৰৰ অভিযোগতে সাংবাদিককেইজনক জিনপিং প্ৰশাসনে এইদৰে কাৰাগাৰত আবদ্ধ ৰাখিছে । এইসকল সাংবাদিকৰ মাজত ৭১ জন উইঘূৰ সম্প্ৰদায়ৰ সাংবাদিকো আছে ।

চীনৰ সংখ্যালঘু উইঘূৰৰ বিৰুদ্ধে জিনপিং চৰকাৰে চলাই অহা নানা নিৰ্যাতনৰ ঘটনাৰ বা-বাতৰি এইসকল উইঘূৰ সাংবাদিকে ইণ্টাৰনেটৰ জৰিয়তে বিশ্ববাসীৰ আগত দাঙি ধৰিছিল ।

চীনত কৰ’নাৰ সংক্ৰমণৰ সন্দৰ্ভত প্ৰকৃত তথ্য প্ৰকাশ কৰাৰ অভিযোগতো কে’বাজনো সাংবাদিকক চৰকাৰে বন্দী কৰি ৰাখিছে ।

Exit mobile version