একালৰ অন্যান্য ৰজা-মহাৰজাসকলৰ দৰেই চৌখিন আছিল ত্ৰিপুৰাৰ মহাৰাজা বীৰ চন্দ্র মাণিক্য। ১৮৬২ৰ পৰা ১৮৯৬লৈ ত্রিপুৰাত ৰাজত্ব কৰা এই মহাৰাজা বীৰ চন্দ্ৰই নিজৰ তৈলচিত্ৰ আৰু ফটো বেৰত আঁৰিবলৈ পছন্দ কৰিছিল।
মহাৰাণীৰ স’তে এদিন বহি নিৱিড় মুহূর্ত উপভােগ কৰাৰ সময়তে মহাৰাজা বীৰ চন্দ্ৰই সিদ্ধান্ত লৈছিল যে দুয়ােৰে এখন প’ট্রেইট তৈয়াৰ কৰিব স্মাৰকৰূপে ৰখাৰ বাবে। সেয়া ১৮৮০ৰ সময়ৰ কথা।
যেতিয়াই মহাৰাজাই সোঁহাতখন পত্নীৰ বাহুত থ’লে,তেতিয়াই তেওঁৰ বাঁওহাতখনে আন এটা বস্তুত খামুচি ধৰিলে। সেই বস্তুটো আছিল আচলতে কেমেৰাৰ শ্বাটাৰ নিয়ন্ত্রণ কৰা দীঘল কেবলযুক্ত লিভাৰ। যেতিয়াই মহাৰাজা বীৰ চন্দ্ৰই সেই লিভাৰ টানি ধৰিলে, তেতিয়াই তেওঁ সংগ্রহ কৰিলে এজন ভাৰতীয়ই তােলা একেবাৰে প্ৰথম অৱস্থাৰ নিজস্ব চিত্র বা ‘ছেল্ফি।
ত্রিপুৰাৰ মহাৰাজাই এই নিজস্ব ফটোখন কেমেৰাত বন্দী কৰিছিল ১৮৪০ৰ দশকত ভাৰতলৈ কেমেৰা অহাৰ প্রায় ৪০ বছৰৰ পাছত। সেই সময়ত তদনীন্তন ব’ম্বে, কেলকাট্টা আৰু মাদ্রাজত ফটোগ্রাফী ক্লাব গঠন হৈছিল যদিও সেইবােৰত ইউৰােপীয়
লােকসকলেই আধিপত্য বিস্তাৰ কৰিছিল।
ভাৰতীয়সকলৰ ভিতৰত ফটোগ্রাফী সংৰক্ষিত হৈ ৰৈছিল কেৱল ৰাজবংশৰ বাবে, কাৰণ তেওঁলােকৰ আছিল এইবিধ কলা প্রসাৰৰ বাবে প্রয়ােজনীয় অত্যধিক সময় আৰু ধন ব্যয়ৰ বিলাসিতাৰ ক্ষমতা। বীৰ চন্দ্ৰ কেমেৰাৰ ক্ষেত্ৰত পাৰদৰ্শী আছিল আৰু সেই সময়ত নিজস্ব কেমেৰা থকা ভাৰতৰ দ্বিতীয়জন ৰজা।
প্রথমজন আছিল ইণ্ডোৰৰ ৰাজা দীন দয়াল, যি ‘প্রিন্স অৱ ফটোগ্রাফাৰ্ছ’ বুলি পৰিচিত হৈছিল। তেওঁ আনকি হায়দৰাবাদৰ ষষ্ঠ নিজামৰ দৰবাৰৰ ফটোগ্রাফাৰতাে পৰিগণিত হৈছিল আৰু এইবিধ কলালৈ যথেষ্ট মূল্যবান অৰিহণা যােগাইছিল। সেই সময়ত কেমেৰা ব্যৱহাৰ কৰিব পৰা আন ৰজাসকল আছিল জয়পুৰৰ দ্বিতীয় ছৱাই ৰাম সিং তথা চাষা আৰু বেনাৰছৰ ৰজাদ্বয়।
অৱশ্যে কেমেৰা ব্যৱহাৰৰ ক্ষেত্ৰত ত্রিপুৰাৰ মহাৰাজা বীৰ চন্দ্ৰ এক কলাত্মক মনৰ অধিকাৰী আছিল আৰু তেওঁ আছিল ভাৰতত ফটোগ্রাফীৰ বাটকটীয়া। বীৰ চন্দ্র এজন উদাৰমনা শাসক আৰু নিজৰ ৰাজ্যত বহুতাে প্রশাসনিক সংস্কাৰ সাধন কৰিছিল।
তেওঁৰ পৃষ্ঠপােষকতাতে ত্ৰিপুৰাৰ কলা-সংস্কৃতি দ্রুতগতিৰে বিকশিত হৈছিল। অৱশ্যে তেওঁৰ ফটোগ্রাফীৰ প্ৰতিভাই বীৰ চন্দ্রক ভাৰতৰ সমসাময়িক অন্যান্য ৰজা-মহাৰজাৰ মাজত অসাধাৰণ কৰি তুলিছিল। সেই সময়ত ফটোগ্রাফীৰ কলা ভাৰতত প্রায় শিশু অৱস্থাত আছিল। এখন ফটো তােলাৰ বাবে প্রয়ােজনীয় প্লেট, কেমিকেল তথা অন্যান্য সা- সৰঞ্জাম একেবাৰে নিকটৱর্তী ডাঙৰ চহৰ কেলকাটা (এতিয়াৰ কলকাতা)ৰ পৰা আনিবলগীয়া হৈছিল।
লগতে ফটোখন ডেভেলপ কৰাৰ বাবে প্লেটখন অতি সাৱধানে কলকাতালৈ প্ৰেৰণ কৰিব লাগিছিল। এনেবােৰ জটিলতা দূৰ কৰিবলৈ আৰু সময়ৰ অপব্যয় ৰােধ কৰিবলৈ কেমেৰা-ফটোগ্রাফীৰ কোনাে আনুষ্ঠানিক শিক্ষা নথকা মহাৰাজা বীৰ চন্দ্ৰই নিজেই ডার্কম নির্মাণ কৰিছিল আৰু নিজে ফটো ডেভেলপ কৰা প্রক্রিয়াও আয়ত্ত্ব কৰি লৈছিল।
তেওঁ আনকি নিজস্ব এক ষ্টুডিঅ’ও নির্মাণ কৰিছিল। মহাৰাজা বীৰ চন্দ্ৰ ফটোগ্রাফীৰ প্ৰৱল অনুৰাগী আছিল আৰু এইবিধ কলাৰ প্ৰতি তেওঁ মহাৰাণী মনমােহিনীকো আগ্রহী কৰি তুলিছিল।
তেওঁলােকে তােলা ফটোৰ প্রচেছিং-প্রিন্টিং আদিত ৰাণীয়েও সহযােগ কৰিছিল। ফটোগ্রাফী ভালপােৱা মহাৰাজা বীৰ চন্দ্ৰই এই কলাক জনপ্রিয় কৰি তােলাৰ স্বাৰ্থত আগৰতলাৰ ৰাজপ্রাসাদত এটা কেমেৰা ক্লাব প্রতিষ্ঠা কৰিছিল।
এই ক্লাবে ৰজা- ৰাণীয়ে তােলা ফটোসমূহৰ প্রদর্শনী কৰিছিল। ১৮৯০ৰ মে’ত সেই ক্লাবৰ সন্দৰ্ভত বীৰ চন্দ্ৰই প্রেৰণ কৰা এখন পত্ৰ আৰু লগত দিয়া ফটোসমূহ ছপা কৰি উলিয়াইছিল ফটোগ্রাফিক ছ’চাইটী অৱ ইণ্ডিয়াই। ১৮৯৬ত মহাৰাজা বীৰ চন্দ্র আৰু ১৯০৫ত মহাৰাণী মনমােহিনীৰ মৃত্যু হয়। অৱশ্যে ফটোগ্রাফীৰ অগ্রদূত ৰজা-ৰাণীয়ে তেওঁলােকৰ নিজস্ব প্রতিভাৰ স্বাক্ষৰ ৰাখি গ’ল আৰু তেওঁলােকৰ বহু উত্তৰসুৰীয়ে এই ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
তেওঁলােকৰ তিনি পুত্র সমৰেন্দ্ৰ চন্দ্র দেৱ বৰ্মন, ৰাধা কিশােৰ আৰু ব্রজেন্দ্র কিশােৰাে প্রতিষ্ঠিত ফটোগ্রাফাৰ আছিল। উল্লেখ্য যে ত্ৰিপুৰা ৰাজবংশৰ পৰৱর্তী প্রজন্মৰ বহু সদস্যই প্রায় নিয়মিতৰূপে নিজৰ ফটোৰ প্রদর্শনী ভাৰতৰ বিভিন্ন ঠাইত আয়ােজন কৰি আহিছে।
এখন ফটোৱেই তেওঁলােকক আজিও গর্বিত কৰে,যিখনক ভাৰতৰ প্রথম ‘ছেল্ফী’ৰূপে গণ্য কৰা হয়।