পাঁচ-১৪ বছৰীয়া শিশু অ’মিক্ৰনত আক্রান্ত হোৱাৰ শংকা সৰ্বাধিক : বিশ্ব স্বাস্থ্য সংস্থা

2021 11 26T211245Z 863855996 RC2E2R9HBWSQ RTRMADP 3 HEALTH CORONAVIRUS CANADA CHILDREN IT 1638869044047

ক’ভিডৰ নতুন প্রজাতি অমিক্রনৰ সংক্রমণ বিশ্বজুৰি দ্রুতগতিত বৃদ্ধি পাইছে। শেহতীয়াভাৱে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই এক প্রতিবেদন প্রকাশ কৰা অনুসৰি অ’মিক্রনত সর্বাধিক আক্রান্ত হৈছে পাঁচৰ পৰা ১৪ বছৰীয়া শিশুসকল।

হুৰ এই প্রতিবেদনত আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৱে উল্লেখ কৰা অনুসৰি শিশুৰ মাজত বিভিন্ন দেশত অ’মিক্রনৰ সংক্রমণ দুইৰ পৰা তিনিগুণ অধিক হৈছে।

উল্লেখ্য যে হুৰ পূর্বে ক’ভিডৰ এই নতুন প্ৰজাতিৰ প্ৰথম সংক্রমণ ধৰা পৰা দক্ষিণ আফ্রিকাৰ চিকিৎসকেও পাঁচ বছৰৰ কম বয়সৰ শিশুৰ বাবে অ’মিক্রন অধিক ভয়াৱহ বুলি সকীয়নি দিছিল।

দক্ষিণ আফ্রিকাত চিকিৎসালয়ত সম্প্রতি চিকিৎসাধীন ক’ভিড ৰােগীৰ মাজত শিশুৰ সংখ্যা বৃদ্ধি পাইছে। সেয়েহে শিশুসকলৰ ক’ভিড টিকাকৰণ অত্যন্ত জৰুৰী হৈছে বুলি চিকিৎসকসকলে মন্তব্য কৰিছে।

Exit mobile version