ৱানপ্লাছ নৰ্ড 2 চিই ফোনৰ সকলো স্পেচিফিকেছন মুক্তিৰ পূৰ্বে ফাদিল, জানক মূল্য

oneplus nord 2 ce india launch expected soon

চলিত বৰ্ষৰ আৰম্ভণিতে ৱানপ্লাছ নৰ্ড ছিৰিজৰ নতুন ফোন হিচাপে নৰ্ড কোৰ এডিছন লঞ্চ কৰিছিল । এই ফোনটো বিগত বৰ্ষত মুকলি পোৱা ৱানপ্লাছ নৰ্ডৰ নতুন ভার্ছন হিচাপে আহিছিল । সম্প্ৰতি, সংস্থাটোৱে নৰ্ড ছিৰিজৰ নতুন ফোনৰ ওপৰত কাম কৰিছে । ফোনটো নামকৰণ কৰা হ’ব পাৰে ৱানপ্লাছ নৰ্ড 2 চি ই, যাৰ মডেল নম্বৰ IV2201 আৰু কোডনেম Ivan ।

ফোনটোৱে ইতিমধ্যেই ভাৰতৰ ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডার্ডছ বা বিআইএছ (BIS) চার্টিফিকেছন ছাইটৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে । ইতিমধ্যে ৱানপ্লাছ নৰ্ড 2 চিই ফোনৰ প্রায় সম্পূর্ণ স্পেচিফিকেছন প্ৰকাশ্যত আহিছে ।

ৱানপ্লাছ নর্ড ২ চিই ফোনত থাকিব পাৰে ৬.৪ ইঞ্চি এমোলেড ডিছপ্লে । এই ডিছপ্লেয়ে ৯০ হার্টজ ৰিফ্রেছ ৰেট ছাপ’র্ট কৰিব । এই ফোনত ব্যৱহাৰ কৰা হ’ব পাৰে মিডিয়াটেক ডাইমেনছিটি ৯০০ ৫জি প্রছেছৰ । ফোনটো ৬ জিবি/১২ জিবি ৰেম আৰু ১২৮ জিবি/২৫৬ জিবি ষ্ট’ৰেজসহ উপলব্ধ হ’ব পাৰে ।

ৱানপ্লাছ নর্ড ২ চিই ফোনত ফটোগ্রাফিৰ বাবে থাকিব পাৰে ট্রিপল ৰেয়াৰ কেমেৰা ছেটআপ । এই কেমেৰা ৬৪ মেগাপিক্সেল প্রাইমাৰী OmniVision ছেন্সৰ, ৮ মেগাপিক্সেল আল্ট্রা ৱাইড লেন্স আৰু ২ মেগাপিক্সেল মাইক্র’ ছেন্সৰ । ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ১৬ মেগাপিক্সেল ফ্রন্ট কেমেৰা উপলব্ধ হ’ব পাৰে ।

ৱানপ্লাছ নৰ্ড 2 CE ফোনটো এণ্ড্ৰ‌ইড ১২ বেছড্ অক্সিজেন’এছ ১২ অপাৰেটিং ছিষ্টেমত চলিত হ’ব পাৰে । এই ফোনত ৪,৫০০ এমএএইচ বেটাৰী থাকিব পাৰে, যাৰ স’তে ৬৫ ৱাট ফাষ্ট চার্জিং ছাপ’র্ট কৰিব পাৰে ।

ৱানপ্লাছ নর্ড ২ চিই ফোনৰ মূল্য আৰু উপলব্ধতা (OnePlus Nord 2 CE Price, Availability)

ৱানপ্লাছ নর্ড ২ চিই ফোনটো আগন্তুক বৰ্ষৰ আৰম্ভণিতে মুক্তি পাব পাৰে । ভাৰতত ইয়াৰ মূল্য ২৪,০০০-২৮,০০০ টকাৰ ভিতৰত হ’ব পাৰে ।

Exit mobile version