Coffee : হাতীৰ মলেৰে তৈয়াৰ কৰা হয় বিশ্বৰ অন্যতম দামি কফি ! জানক মূল্য কিমান

753236305

পুৱা মেজাজ সুস্থ কৰিবলৈ একাপ কফিয়ে যথেষ্ট । অনেকেই এই কথা কয় । কিন্তু সেই কফি তৈয়াৰ কৰিবলৈ কি কি লাগে ? বেচ সহজ প্রশ্ন মনত উদয় হ’লেও উত্তৰ শুনি অবাক হ’ব অনেকেই । দাম শুনিলে মূৰ ঘূৰাব পাৰে ।

এতিয়া কফিৰ চর্চা আৰম্ভ কৰাৰ আগতে অক্ষয় কুমাৰৰ কথা মনত পেলোৱা উচিত । সম্প্রতি বলিউডৰ ‘খিলাড়ি’য়ে কয়, “ফিটনেছ বজায় ৰাখিবলৈ নিয়মিত গোমূত্র পান কৰো ।” কেৱল গোমূত্রই নহয়, অক্ষয়ে হাতীৰ মল মিশ্ৰিত চাহো পান কৰে। হাতীৰ মলৰ পৰা চাহৰ কথা সম্প্ৰতি বাদ দিয়া যাওক । কথা হৈছে কফিৰ । কফিৰ স’তে হাতীৰ মলৰ কি সম্পর্ক ?

কফিৰ স’তে হাতীৰ মলৰ এৰাব নোৱাৰা সম্পর্ক । বিশেষকৈ যেতিয়া বিশ্বৰ অন্যতম দামি কফিৰ প্রসংগ উত্থাপন হয় ।ঠিকেই পঢ়িছে । হাতীৰ মলৰ পৰা তৈয়াৰ কৰা হয় বিশ্বৰ অন্যতম দামি কফি । নাম গালভৰা — ব্লেক আইভৰি কফি । এ কফিৰ উৎপত্তিস্থল থাইলেণ্ড ।

হাতীৰ মলৰ পৰা কেনেদৰে ব্লেক আইভৰি কফি তৈয়াৰ হয় ? সেয়া জনাৰ আগতে ব্লেক ডানকিনৰ কথা ক’ব লাগিব । তেঁৱেই ব্লেক আইভৰি কফি প্রস্তুতকাৰী সংস্থাৰ মালি ।

২০০২ত ব্লেক ডানকিনে জাপানৰ এটা সংস্থাত মোটা বেতনৰ চাকৰি কৰি আছিল । সেই সময়ত ব্লেকৰ কাণত পৰিছিল, থাইলেণ্ডৰ কোপি লুয়াক কফিৰ বাবে কফিপ্রেমীসকলে ৫০ ডলাৰ (ভাৰতীয় মুদ্রায় ৩৫০০ৰো অধিক) পর্যন্ত ব্যয় কৰিছে । কিয় ইমান দাম সেই কফিৰ ? জহামালৰ মলৰ পৰা এই কফিৰ বিনছ তৈয়াৰ কৰা হয় । তেতিয়াই ব্লেকৰ মূৰত ব্যৱসায়ৰ আইডিয়া আহে ।

চাকৰি এৰি ব্লেকে আইভৰি কফি নামে সংস্থা খোলে । কফিৰ বিন তৈয়াৰ কৰা হয় হাতীৰ মলৰ পৰা । যদিও তেওঁ আৰম্ভণিতে জহামলৰ মলো ব্যৱহাৰৰ কথা ভাবিছিল । সেই সময়ত কোপি লুয়াক কফিৰ বাবে জহামলক খাদ্য খাবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপিত হয় সংস্থাটোৰ বিৰুদ্ধে । ফলত বিকল্প হিচাপে হাতীৰ মল ব্যৱহাৰৰ সিদ্ধান্ত লয় ব্লেকে ।

কফি বিনছ তৈয়াৰ কৰিবলৈ হাতীৰ মল ব্যৱহাৰৰ ফলো লাভ কৰিলে । ব্লেক ডানকিনৰ সংস্থাই তৈয়াৰ কৰা কফিৰ স্বাদ অপেক্ষাকৃতভাৱে কম তিতা আৰু কিছু কেৰামেল আৰু চকলেটৰ দৰে ।

কেনেদৰে তৈয়াৰ কৰা হয় ব্লেক আইভৰি কফি ? সংস্থাৰ দাবী, প্রতি দিনৰ খাদ্যৰ লগত এৰাবিকা চেৰি মিহলি কৰি খাবলৈ দিয়া হয় হাতীক । তৃণভোজী হোৱাৰ বাবে চেৰিৰ ছেলুলজত উৎসেচন হয় । ফলত হাতীৰ মলৰ পৰা ‘মিঠা ফলৰ সুগন্ধ’ ওলায় । ব্লেকৰ সংস্থাৰ দাবী, এক কেজি কফি তৈয়াৰ কৰিবৰ বাবে ৩৩ কেজি চেৰি খোৱাবলগীয়া হয় হাতীক ।

এইবাৰ হাতীৰ মল সংগ্রহ কৰি সেয়া পৰিষ্কাৰ কৰি ৰ’দত শুকাবলৈ দিয়া হয় । ৰ’দত শুকোৱাৰ পাছত প্রথমে তাৰ উপৰি ভাগ পেলায় দিয়া হয় । পাছত সেয়া সংগ্রহ কৰি যন্ত্রৰ মাধ্যমত পৃথক কৰা হয় । পাছত সেইসমূহ যন্ত্রৰ ভিতৰত শুকানকৈ ভজা হয় ।

থাইলেণ্ডৰ চিয়াং ছায়েন অঞ্চলত গোল্ডেন ট্রায়েংগল এলিফেন্ট ফাউণ্ডেছন-ত যি সমূহ হাতীয়ে আশ্রয় পায়, মূলত তাৰ পৰাই তেওঁলোকৰ মল সংগ্রহৰ প্রক্রিয়া চলে ।

কফি তৈয়াৰ কৰিবলৈ এইটো‌ এটা কঠিন প্রস্তুতি । তেন্তে গৰমাগৰম একাপ কফিৰ মূল্য কিমান ? কিছুসংখ্যক পঞ্চতাৰকা হোটেলত পোৱা গ’লেও ইয়াৰ দাম সেই সমূহ হোটেল কর্তৃপক্ষৰ নিয়ামানুযায়ী হ’ব । অৱশ্যে ঘৰত বহি এই পানীয় গ্ৰহণ কৰিব বিচাৰিলে এক পেকেট ব্লেক আইভৰি কফিৰ মূল্য হ’ব ভাৰতীয় মুদ্রাত প্রায় ৭৫০০ টকা । অর্থাৎ ইয়াৰ এক কেজিৰ মূল্য প্ৰায় ২৬ হেজাৰ টকা ।

Exit mobile version