আফস্পা প্ৰত্যাহাৰৰ বাবে পেনেল গঠন

দিল্লীত গৃহমন্ত্ৰী শ্বাহৰ স'তে বৈঠকৰ অন্তত সদৰী কৰিলে নগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ'ৱে

nationalherald 2019 03 679b401d 8c8a 450e 82b4 a0a5208f881e amit shah

বিতৰ্কিত সেনা আইনক লৈ নগালেণ্ডত বৰ্ধিত উত্তাপৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কীয় বিষয়টো বিবেচনাৰ বাবে কমিটী গঠনৰ সিদ্ধান্ত লৈছে । দেওবাৰে বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে হোৱা এক বৈঠকৰ অন্তত সম্পন্ন হোৱা নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ টুইটাৰযোগে প্ৰকাশ কৰে যে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰৰ বিষয়টো বিবেচনাৰ বাবে এখন কমিটী গঠন কৰা হ’ব ।

চলিত মাহতে নগালেণ্ডৰ মন জিলাৰ অটিং বস্তিত সেনাৰ গুলিত ১৪ জন নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । সেনাবাহিনীক অতি ক্ষমতাশালী কৰি তোলা আইনখন প্ৰত্যাহাৰৰ বাবে পুনৰ নগালেণ্ডৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতে সজোৰে দাবী উত্থাপিত হৈছে । নগালেণ্ডত ৰাজ্যজুৰি প্ৰতিবাদী সমদল অব্যাহত আছে । ৰাজধানী কহিমাকো কঁপাই তুলিছে এই প্ৰতিবাদে ।

দেওবাৰে মুখ্যমন্ত্ৰী ৰিঅ’ৱে টুইটাৰযোগে কয় যে যোৱা ২৩ ডিচেম্বৰত নতুন দিল্লীত গৃহমন্ত্ৰী শ্বাহৰ অধ্যক্ষতাত সম্পন্ন হোৱা বৈঠকৰ বিষয়ে সংবাদ মাধ্যমক সদৰী কৰিছে । ২৩ ডিচেম্বৰৰ উক্ত বৈঠকত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উপস্থিত আছিল ৰিঅ’ৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, নগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পট্টুন আৰু এনপিএফ‌এলপিৰ নেতা টি আৰ জেৰিয়ান ।

টুইটাৰত এই সম্পৰ্কীয় বিবৃতিত নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে কয় যে নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে কমিটী গঠনৰ বিষয়ে উল্লেখ কৰাৰ বিষয়ে কয় যে এই কমিটীখনৰ অধ্যক্ষ হ’ব কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বৰত অতিৰিক্ত সচিব । তদুপৰি এই কমিটীত থাকিব নগালেণ্ডৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান । আন সদস্যসকলৰ ভিতৰত থাকিব আৰজিএআৰ (এন)ৰ সদস্য তথা চিআৰপিৰ প্ৰতিনিধি । অহা ৪৫ দিনৰ ভিতৰত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব । কমিটীৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিব নগালেণ্ডৰ পৰা অশান্তিপূৰ্ণ অঞ্চল আৰু আফস্পা প্ৰত্যাহাৰৰ বিষয়টো । বিবৃতিত তেওঁ লগতে কয় যে এক অনুসন্ধান আদালতে সেনা ইউনিট আৰু সেনা জোৱানৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব । অটিঙৰ ঘটনাৰ স’তে যিসকল প্ৰত্যক্ষভাৱে জড়িত তেওঁলোকৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হ’ব । এক স্বচ্ছ তদন্তৰ ভিত্তিত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও বিবৃতিত কোৱা হৈছে । তদন্তৰ আওতালৈ অহাসকলক তাৎক্ষণিকভাৱে নিলম্বন কৰা হ’ব ।

নগালেণ্ডৰ মুখ্যমন্ত্ৰীজনে তদুপৰি কয় যে ঘটনাত নিহতৰ আত্মীয়ক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব । এই প্ৰক্ৰিয়া আৰম্ভ কৰিব জিলা উপায়ুক্ত আৰু মন জিলাৰ আৰক্ষী অধীক্ষকে । সংশ্লিষ্ট গাঁও পৰিষদৰ স’তে আলোচনাৰ অন্তত তেওঁলোকে প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ কৰিব । অৰ্হতাৰ ভিত্তিত অনুকম্পামূলকভাৱে চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব । এই বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বাবে তেওঁ গৃহমন্ত্ৰী শ্বাহক ধন্যবাদ জনায় । উল্লেখ্য যে বিগত সপ্তাহত নগালেণ্ডৰ বিধানসভাই উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ ৰাজ্যখনৰ পৰা আফস্পা প্ৰত্যাহাৰৰ বাবে দাবী উত্থাপন কৰি ঐক্যমতত প্ৰস্তাৱ গ্ৰহণ কৰে ।

Exit mobile version