কৰ’নাত আক্ৰান্ত সৌৰভ গাংগুলী। বৰ্তমান দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিভৃতবাসে ৰখা হৈছে গাংগুলীক । সোমবাৰে ৰাতিপুৱাই প্ৰাথমিক পৰীক্ষাত সৌৰভৰ কৰ’না পৰীক্ষাৰ ৰিপৰ্টত পজিটিভ হয়।
তাৰ পাছত তেওঁৰ দ্বিতীয় পৰীক্ষা কৰোৱা হয় । তাতো ৰিপৰ্টত পজিটিভ আহে বুলি জনাইছে ব্যক্তিগত চিকিৎসালয়ৰ সূত্ৰই । কিন্তু সৌৰভ অসুস্থ হ’লেও তেওঁৰ পত্নী ডোনা আৰু জীয়ৰী কৰ’না পৰীক্ষাৰ ৰিপৰ্ট নিগেটিভ আহে । চিকিৎসালয়ৰ সূত্ৰই জনোৱা অনুসৰি সৌৰভৰ ভাইৰেল লোড ১৯.৫ ।
সৌৰভক ৰাতি চিকিৎসালয়লৈ লৈ যোৱা হয়। সোমবাৰে নিশাৰ পৰা তেওঁক তাত ভৰ্তি কৰোৱা হয়। কিন্তু এইটো এতিয়ালৈকে স্পষ্ট হোৱা নাই যে তেওঁক চিকিৎসালয়ত চিকিৎসা কৰা হ’ব নে ঘৰলৈ অনা হ’ব ।
চিকিৎসকসকলৰ স’তে আলোচনাৰ পাছতহে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। কিন্তু সৌৰভে বিচাৰে যে তেওঁক ঘৰত চিকিৎসা কৰা হওক।
সোমবাৰে ৰাতিপুৱা অসুস্থ অনুভৱত কৰাত সৌৰভৰ দূৰদৰ্শন অনুষ্ঠানটো বাতিল কৰা হৈছিল । তাৰ আগে অৱশ্যে তেওঁ কেবাটাও বিজ্ঞাপনৰ দৃশ্যগ্ৰহণ কৰিছে । দৃশ্যগ্ৰহণ কৰিছে তেওঁৰ টেলিভিছন শ্ব’ও ।
কি দৰে আৰু ক’ত তেওঁ কৰ’নাত আক্রান্ত হ’ল সেইয়া এতিয়াও স্পষ্ট হোৱা নাই ।বিগত কেবাদিনৰ পূৰ্বে সৌৰভ দেশ আৰু বিদেশৰ কিছু চহৰত ফুৰিবলৈ গৈছিল।
ভ্ৰমণৰ অন্তিম খন ঠাই আছিল মুম্বাই ।সেই সূত্ৰে তেওঁ কৰ’নাত আক্ৰান্ত হৈছে নে নাই,সেইয়া এতিয়াও স্পষ্ট হোৱা নাই । হৈছিল নে নাই সেয়াও এতিয়াও স্পষ্ট হোৱা নাই ।চিকিৎসালয়ৰ সূত্ৰে জনোৱা অনুসৰি কৰ’নাত আক্ৰান্ত হ’লেও সৌৰভ সুস্থিৰ অৱস্থাত আছে ।