বিগত বৰ্ষৰ যাৱতীয় ভুলৰ পৰা শিক্ষা লৈ নতুন বছৰত শুধৰণি কৰাৰ সংকল্পকেই ইংৰাজীত ‘নিউ ইয়াৰ ৰিজ’লিউছন’ বুলি কোৱা হয় । যেনে চলিত বৰ্ষত গাৰ ছাল ভালে ৰাখিবলৈ আপুনি বহু প্রসাধন ব্যৱহাৰ কৰিছে, অথচ লাভালাভ পোৱা নাই । গাৰ ছাল ভালে ৰাখিবলৈ প্রসাধন নহয়, ছালক ভিতৰৰ পৰা সুস্থ ৰখাটো জৰুৰী । নতুন বছৰত সেয়ে নিজকে ভাল ৰখাৰ লগতে ছালৰ যত্ন লোৱাৰ কেইটামান সংকল্প গ্রহণ কৰক ।
১) নতুন বছৰৰ পৰা দৈনন্দিন তিনি লিটাৰকৈ পানী খাওক । ফলত শৰীৰৰ অভ্যন্তৰীণ ক্রিয়াকলাপ স্বাভাৱিক থাকিব ।
২) বছৰৰ সকলো ঋতুতেই ছানস্ক্রিন ব্যৱহাৰ কৰাৰ চেষ্টা কৰক ।
৩) নিজৰ ছালৰ ধৰণ অনুযায়ী ছালৰ যত্ন লওক ।
৪) কেৱল মুখৰ ছালৰ যত্ন নহয়, শৰীৰৰ ছাল ভাল ৰাখিবলৈও নিয়মিত স্ক্রাৱ কৰক ।
৫) শীতকালততো বিশেষকৈ, অৱশ্যে অন্যান্য ঋতুতো ব্যৱহাৰ কৰক ময়শ্চাৰাইজাৰ ।
৬) ৰূপসজ্জাৰ বাবে ব্যৱহৃত স্পঞ্জ, ব্রাছ, তুলা, ব্লেণ্ডাৰ ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব ।