ক’ভিডৰ বিস্ফোৰণ ঘটিল আমেৰিকাত । অ’মিক্রন পৰিস্থিতিত এদিনত ১০ লাখৰো অধিক লোক আক্রান্ত হৈছে । ক’ভিডৰ দুটা ঢৌৰ তুলনাত তিনি গুণ অধিক সংক্রমণ হৈছে বুলি জনাইছে দেশখনৰ স্বাস্থ্য বিভাগে । জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি, সোমবাৰে আমেৰিকাত নতুনকৈ আক্রান্ত হৈছে ১০ লাখ ৪২ হেজাৰ লোক ।
সম্প্ৰতি আমেৰিকাত সংক্রমণৰ চালিকাশক্তিৰ ভূমিকাত আছে অ’মিক্রন । একেকোবে বাঢ়িছে আক্রান্তৰ সংখ্যা । মাত্র চাৰি দিনৰ ভিতৰত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ দ্বিগুণ হৈছে । ইপিনে, আক্রান্তল সর্বশেষ ৰেকর্ড আছিল প্রায় ছয় লাখ । ইতিমধ্যে আমেৰিকাত চাৰে পাঁচ কোটি লোক ক’ভিডত আক্রান্ত হৈছে । প্রতি ছজনৰ ভিতৰত এজন ক’ভিডত আক্রান্ত । মৃত্যু হৈছে আঠ লাখ ২৬ হেজাৰ লোকৰ ।
দেশৰ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰিবলৈ সোমবাৰে বৈঠকত মিলিত হয় ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ । সংক্রমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড সংক্রান্ত নির্দেশনাত বেচ কিছু পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে আমেৰিকা প্রশাসনে ।