Fake Anti-India Content : ভাৰত-বিৰোধী প্রচাৰৰ অভিযোগত ৩৫টা পাক ইউটিউব চেনেল ব্লক কৰিলে কেন্দ্র‌ই

img

গণৰাজ্য দিৱসৰ আগ মুহূৰ্তত কঠোৰ পদক্ষেপ কেন্দ্রৰ । ৩৫টা ইউটিউব চেনেল (YouTube Channel) ব্লক (Block) কৰিলে কেন্দ্র‌ই । বন্ধ কৰা হৈছে দুটা ৱেবছাইট, দুটা টুইটাৰ, দুটা ইনষ্টাগ্রাম একাউন্টো । পাকিস্তানৰ পৰা ভুৱা আৰু দেশবিৰোধী বিভেদমূলক তথ্য সম্প্ৰচাৰ কৰাৰ অভিযোগত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনালে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ে ( Information and Broadcasting Ministry) ।

এক সাংবাদিক বৈঠকত তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ যুটিয়া সচিব (পিএণ্ডএ) বিক্রম সহায় কয়, ২০ জানুৱাৰীত নতুনকৈ মন্ত্রণালয়ে যি চোৰাংচোৱা তথ্য লাভ কৰিছে, তাৰ ভিত্তিত আমি ৩৫টা ইউটিউব চেনেল, দুটা টুইটাৰ একাউন্ট, দুটা ইনষ্টাগ্রাম একাউন্ট, দুটা ৱেবছাইট আৰু এটা ফেচবুক একাউন্ট বন্ধ কৰাৰ নির্দেশ দিছে । এই একাউন্টবোৰৰ যি সাধাৰণ বিষয় আছে, সেইবোৰ হ’ল পাকিস্তানৰ পৰা পৰিচালিত আৰু সেইবোৰ ভাৰত বিৰোধী খবৰ আৰু অন্যান্য বিষয়বস্তু সম্প্ৰচাৰ কৰে ।

তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ সচিব অপূর্ব চন্দ্র‌ই কয় যে, এই ইউটিউব চেনেলবোৰৰ ছাবস্ক্রাইবাৰৰ সংখ্যা ১.২০ কোটি আৰু ১৩০ কোটি ভিউ আছে । এই প্রক্রিয়াত আগন্তুক সময়ত এনে ধৰণৰ আৰু বহু চেনেল ব্লক হৈ যাব । আমাৰ চোৰাংচোৱা সংস্থাবোৰে এই বিষয়ত কাম কৰিছে । আমি জনসাধাৰণৰ সমর্থনৰ প্ৰতিও লক্ষ্য ৰাখিছো ।

উল্লেখ্য, বুধবাৰে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ ঠাকুৰে সঁকীয়নি দিয়ে যে, যিসকলে দেশৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ কাম অব্যাহত থাকিব । বিগত বৰ্ষতো ভাৰত-বিৰোধী অপ্রচাৰ আৰু ভুৱা খবৰ বিয়পোৱাৰ অভিযোগত ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট ব্লক কৰা হৈছিল । অনুৰাগ ঠাকুৰে জনায়, এই ধৰণৰ চেনেলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়া হৈছে ।

ঠাকুৰে আৰু কয় যে, বিশ্বৰ বিভিন্ন বৃহৎ দেশেই বিষয়টো গুৰুত্ব সহকাৰে লৈছে । ইয়াৰ বাবে আমি সুখী । ইউটিউব কর্তপক্ষও আগবাঢ়ি আহিছে আৰু এইবোৰক ব্লক কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ বাবে আমি সুখী ।

Exit mobile version