২৫ বছৰে ৰাইজে নিৰ্মাণ কৰা এখন বাঁহৰ দলংৰ কাহিনী

IMG 20220204 WA0004

গোসাঁইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা বৰ্তমান ধুবুৰী জিলা গ্ৰাম্য উন্নয়ন বিভাগৰ কামানডাঙ্গা নদীৰ ওপৰত থকা বৃহৎ আকাৰৰ বাঁহৰ দলংখনে ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীক জলা কলা খুবাই আহিছে।

কামানডাঙ্গা বিলৰ ওপৰত থকা বিধস্ত বাঁহৰ দলংখনে বিপদৰ ইংগিত বহন কৰিছে। যিকোনো মুহূৰ্তত দলঙৰে যাতায়ত কৰা যাত্ৰীয়ে দুৰ্ঘটনাত আহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

এক কথাত কবলৈ গলে প্ৰায় ৫০০ মিটাৰ দৈঘ্যৰ এইখন দলং সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে। বিগত সময়চোৱাত বহু কেইবাৰ ছাত্ৰ ছাত্ৰীৰ লগতে দৈনন্দিন যাতায়ত কৰা লোকে দলঙৰ পৰা পৰি আহত হয় হবলগীয়া হৈছে।

কামানডাঙ্গা বজাৰ, উচ্চতৰ মাধ্যমিক বিদ্যালয়, এম স্কুল, এল পি স্কুল, গাঁও পঞ্চায়ত আদি কৰি বিভিন্ন চৰকাৰী অনুষ্ঠান নদীৰ দক্ষিণ পাৰত লাগি আছে। নদীৰ উত্তৰ অঞ্চলত থকা প্ৰায় দহখনৰ অধিক গাঁৱৰ ৰাইজে ,ছাত্ৰ ছাত্ৰীয়ে হাট বজাৰ, চিকিৎসা, ব্যৱসায় বাণিজ্য, চৰকাৰী কাম কাজকে ধৰি শিক্ষা আহৰণ আদি সকলো কাম সম্পূৰ্ণ কৰিবলৈ ৰাতিপুৱাই বাঁহৰ দলং অতিক্ৰম কৰি কামানডাঙ্গা বজাৰ আহিব লাগে।

অতিকৈ গুৰুত্বপূৰ্ণ এইখন বিলৰ ওপৰত এখন দলং নিৰ্মাণ কৰিবলৈ কোনো এজন বিধায়ক ,সাংসদৰ পদক্ষেপ গ্ৰহণ নকৰিলে। যাৰ ফলত অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিৰ ওপৰত ভৰসা নকৰি নিজৰ প্ৰচেষ্টাৰে যাতায়ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

বিগত ২৫ বছৰ ধৰি নদীখনৰ দুয়োপাৰে থকা ২০ খনৰ অধিক গাঁৱৰ ৰাইজে নিজৰ ধন ভাঙি, বাঁহ কিনি নিৰ্মাণ কৰি আহিছে এইখন দলং । বৃহত্তৰ কামানডাঙ্গা অঞ্চলৰ ৰাইজে স্থানীয় বিধায়ক, কোকৰাঝাৰৰ সাংসদক এখন দলং নিৰ্মাণ কৰিবলৈ আবেদন নিবেদন কৰি কোনো সফল লাভ নকৰিলে।

এখন বৃহৎ আকাৰৰ বিধস্ত বাঁহৰ দলঙেৰে নিতৌ শ শ শিক্ষাৰ্থী আৰু ৰাইজে যাতায়ত কৰিছে । দলঙত ভৰি দিলে ঢোলঙ পলং কৰে শৰীৰ , কঁপি উঠে বকু। তথাপিও জীৱনক তুচ্ছ কৰি মৰণক শৰণ দি চলাচল কৰিছে যদিও জনপ্ৰতিনিধিৰ চকু আকৰ্ষণ কৰিব পৰা নাই ।

নদীখনৰ ওপৰত এখন দলং নথকাত নদীৰ উত্তৰ দিশে থকা প্ৰায় দহখনৰ অধিক গাঁৱৰ ৰাইজে শিক্ষা, স্বাস্হ্য, কৃষি,বাণিজ্য আদি কৰি সৰ্ব দিশতে বঞ্চিত হৈ আহিছে । যি সময়ত অসমৰ জৰাজীন কাঠৰ আৰু বাঁহৰ দলং আঁতৰাই পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰে নতুন আঁচনি হাতত লৈছে তেনে সময়ত এইখন দলঙে উন্নয়নমুখী অসমৰ যাতায়ত ব্যৱস্থাৰ দুৰ্বলতা স্পষ্ট কৰি তুলিছে।।

Exit mobile version