বেচৰকাৰী খণ্ডত চাকৰিৰ ক্ষেত্রত স্থানীয়ৰ বাবে ৭৫ শতাংশ আসন সংৰক্ষণৰ আইন সম্প্ৰতি বাহাল থাকিব হৰিয়ানাত । পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অন্তৰ্ৱর্তী ৰায়ক খাৰিজ কৰি জনালে উচ্চতম ন্যায়ালয়ে । পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ক চাৰি সপ্তাহৰ ভিতৰত এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ নির্দেশ দিছে শীর্ষ আদালতে । তেতিয়ালৈকে হাৰিয়ানাত ৩০ হেজাৰ টকাৰ কম বেতনৰ বেচৰকাৰী চাকৰিত স্থানীয়ৰ বাবে ৭৫ শতাংশ সংৰক্ষণৰ আইন বাহাল থাকিব ।
চলিত মাহৰ আৰম্ভণিতেই হাৰিয়ানাৰ খট্টৰ চৰকাৰে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে শীৰ্ষ ন্যায়ালয়ত আবেদন কৰে । পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে হাৰিয়ানাত বেচৰকাৰী চাকৰিত ৭৫ শতাংশ স্থানীয়ৰ বাবে সংৰক্ষণৰ সিদ্ধান্তত স্থগিতাদেশ দিয়ে । এই নিয়মত হাৰিয়ানাত ৩০ হেজাৰ টকাৰ কম বেতনৰ সমস্ত বেচৰকাৰী চাকৰিতে ৭৫ শতাংশ স্থানীয়ক লোৱা বাধ্যতামূলক বুলি ঘোষণা কৰিছিল হাৰিয়ানা চৰকাৰে । এই ৰায়ৰ বিৰুদ্ধেই চলিত মাহৰ আৰম্ভণিতে হাৰিয়ানাৰ খট্টৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰে । সেই আবেদনৰ পৰপ্রেক্ষিততেই উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰিলে শীৰ্ষ ন্যায়ালয়ে ।
উচ্চ ন্যায়ালয়ে চৰকাৰৰ এই সিদ্ধান্তক অযৌক্তিক আৰু স্বাভাৱিক বিচাৰৰ পৰিপন্থী হিচাপে উল্লেখ কৰি ইয়াক স্থগিত কৰাৰ ৰায় দিয়ে । উচ্চ ন্যায়ালয়ে জনায়, এই সিদ্ধান্তৰ ফলত হাৰিয়ানাত নিবনুৱা সমস্যাৰ সমাধান সম্ভৱ বুলিও তেঁওলোকে ধাৰণা নকৰে । ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত দাবী কৰে, উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বক্তব্য জনাবলৈ মাত্র ৯০ ছেকেণ্ড দিছিল ।
শীৰ্ষ ন্যায়ালয়ে বৃহস্পতিবাৰে ৰায়দান কৰি জনায়, আগন্তুক চাৰি সপ্তাহৰ ভিতৰত বিষয়টো সম্পূর্ণভাৱে শুনি চূড়ান্ত ৰায় দিব লাগিব পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে । তেতিয়ালৈকে সংৰক্ষণৰ চৰকাৰী সিদ্ধান্ত বাহাল থাকিব । লগতে চৰকাৰী সিদ্ধান্ত নমনাৰ বাবে কোনো বেচৰকাৰী নিয়োগকাৰী সংস্থাৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষেপো ল’ব নোৱাৰিব বুলি জনাইছে উচ্চতম ন্যায়ালয়ে ।