পাকিস্তানত নিৰ্যাতিত সংখ্যালঘু, ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী সংগঠনৰ

thumb

পাকিস্তানত সংখ্যালঘুসকলৰ চৰম নিপীড়িত হৈ আহিছে । মৌলবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিজৰ ভেটি-মাটি এৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছে বহু পাকিস্তানী হিন্দু আৰু শিখ ধৰ্মাৱলম্বীয়ে । এনে পৰিস্থিতিত পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কৰিলে ‘ইণ্ডিয়া ৱৰ্ল্ড ফ’ৰাম’ নামৰ এটা ভাৰতীয় সংগঠনে ।

বুধবাৰে এই বিষয়ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনীঅ’ গুটেৰেছলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে ‘ইণ্ডিয়া ৱৰ্ল্ড ফ’ৰাম’ নামৰ সংগঠনটোৰ মুৰব্বী পুনিত সিং চান্দকে । পত্ৰত চান্দকে পাকিস্তানৰ সংখ্যালঘুৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ ৰাষ্ট্ৰসংঘক দাবী জনালে ।

Exit mobile version