শিৱসাগৰৰ ৰাস্তা-পদূলিৰ উন্নয়ন ন’হলে অসুবিধা শিৱসাগৰবাসী ৰাইজৰহে হয়, টীয়কত জন্ম লভা আৰু বৰ্তমানে গুৱাহাটীৰ বাসিন্দা অখিল গগৈৰ নহয় : মন্ত্ৰী পীযুষ হাজৰীকা

আগন্তুক পৌৰসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰীকাই আজি শিৱসাগৰ নগৰৰ কে’বাটাও ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ পাৰ্টী অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থীৰ হৈ বিধায়ক সুশান্ত বৰগোহাঁইৰ স’তে নিৰ্বাচনী চলায় । মন্ত্ৰীগৰাকীয়ে আজি তিনি, চাৰি, পাঁচ, সাত, আঠ, ১০, ১৩ আৰু ১৪ নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে ।

আনহাতে, শিৱসাগৰ নগৰখনত এটা ভাল ষ্টেডিয়াম তথা অডিটৰিয়াম নথকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনৈতিক দুৰ্বলতাৰ বাবে ঐতিহ্যমণ্ডিত নগৰখন যোৱা ২০টা বছৰে বহুখিনি পিছ পৰি ৰৈছে । বিগত সময়ত শিৱসাগৰ নগৰৰ প্ৰতিটো আত্মসহায়ক গোটক ২৫০০০ টকাকৈ সাহায্য দিয়া বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰ নগৰখনৰ উন্নয়নৰ বাবে বিগত সময়ত চৰকাৰে প্ৰয়াস কৰিছে যদিও একমাত্ৰ ৰাজনৈতিক দুৰ্বলতাৰ বাবে নগৰখন পিছ পৰি ৰৈছে । অনাগত সময়ত বিজেপি আৰু ইয়াৰ সমৰ্থিত প্ৰাৰ্থীক ভোটদান কৰি নগৰখনক ৰাজনৈতিকভাৱে সবল কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় ।

কংগ্ৰেছ চৰকাৰৰ দিনত নগৰত সাধাৰণ নাগৰিকৰ বাবে ঘৰ দিয়াৰ কোনো ব্যৱস্থা নথকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনত নগৰতো নাগৰিকৰ বাবে ঘৰ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰা হ’ল বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে । সমষ্টি এটাৰ উন্নয়নৰ বাবে স্থানীয় বিধায়কজন চৰকাৰী পক্ষৰ হ’লে যথেষ্ট সুবিধা হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈ বিৰোধী বিধায়ক হোৱা বাবে বহু সময়ত তেওঁ ৰাজনৈতিক কাৰণত মন্ত্ৰীৰ ওচৰলৈ যাবলৈ মন নকৰে যাৰ ফলত কামবোৰ স্থবিৰ হৈ ৰোৱা দেখা যায় ।

ইফালে, শিৱসাগৰৰ ৰাস্তা-পদূলিৰ উন্নয়ন নহ’লে টীয়কত জন্ম হোৱা আৰু বৰ্তমানে গুৱাহাটীৰ বাসিন্দা হোৱা বিধায়ক অখিল গগৈৰ কোনো অসুবিধা নহয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এনে হোৱাৰ ফলত অসুবিধাটো কিন্তু শিৱসাগৰবাসী ৰাইজৰহে । অসমক আগুৱাই নিবৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে যথেষ্ট প্ৰয়াস কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ সদিচ্ছাৰ বাবেই অৰুণোদয় আঁচনি তথা বিভিন্ন পেঞ্চনসমূহ প্ৰতি মাহত এটা নিৰ্দিষ্ট তাৰিখত দিয়াৰ ব্যৱস্থা কৰা হৈছে । আনহাতে অসমীয়া মুছলমান তথা অসমীয়া হিন্দু সকলোৱে অসমত একেলগে, সম্প্ৰীতিৰে বাস কৰি আহিছে আৰু থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেঁওলোকে সদায়েই অসমীয়া মুছলমানক সন্মান কৰি আহিছে ।

Exit mobile version