এইবাৰ হেকিঙৰ বলি বিজেপিৰ সর্বভাৰতীয় সভাপতি জে পি নাড্ডা (JP Nadda) । দেওবাৰে পুৱাই হেক হ’ল তেওঁৰ টুইটাৰ হেণ্ডেল । তেওঁৰ একাউণ্টৰ পৰা প’ষ্ট কৰা হয় যে, ৰাছিয়া আৰু ইউক্রেনৰ মানুহৰ লগত থাকিবলৈ সহায় কৰক । ক্রিপ্টোকাৰেন্সিত অনুদান কৰক ।
আজি পুৱা ১০বজাত জেপি নাড্ডাৰ টুইটাৰ হেণ্ডেলৰ পৰা এটা প’ষ্ট কৰা হয় । তাত ইংৰাজীত লিখা হয়, আপুনি যদি ৰাছিয়াৰ মানুহৰ স’তে থিয় দিব বিচাৰে তেনেহ’লে বিটকইন আৰু ইথেৰিয়ামৰ দৰে ক্রিপ্টোকাৰেন্সিত অনুদান কৰক । তাৰ পাছৰ শাৰীত হিন্দীত লিখে,”ইউক্রেইনৰ মানুহক সহায় কৰক । এতিয়া আমি ক্রিপ্টোকাৰেন্সিতো অনুদান লৈছো ।”
পুৱাই বিজেপি (BJP) সসভাপতৰ এই প’ষ্ট দেখি তেওঁৰ ফ’ল’ৱাৰসকল বিভ্রান্ত হৈ যায় । ৰাছিয়া আৰু ইউক্রেইন দুই দেশৰ বাববেই অনুদান বিচৰা হৈছে, সেয়াও ক্রিপ্টোকাৰেন্সিত ! ইয়াৰ কিছুসময়ৰ পাছতে আন এটা বিভ্রান্তিকৰ টুইট কৰা হয় নাড্ডাৰ হেণ্ডেলৰ পৰা । এইবাৰ কোৱা হয়, “দুঃখিত মোৰ একাউন্ট হেক হৈ গৈছিল । মই ৰাছিয়াৰ বাবে অনুদান বিচৰা নাই, কাৰণ তেওঁলোকক সাহায্যৰ প্রয়োজন ।”
অৱশ্যে ইয়াৰ কিছু সময়ৰ পাছতে জানিব পৰা যায় যে নাড্ডাৰ একাউন্টটো হেক হৈছে । বিজেপি সূত্রে জনোৱা হৈছে, “দলৰ সর্বভাৰতীয় সভাপতিৰ টুইটাৰ হেণ্ডেলটো (Twitter) কিছুসময়ৰ বাবে হেক হৈছিল । সম্প্ৰতি ঠিক কৰা হৈছে ।” কোনে নাড্ডাৰ একাউন্ট হেক কৰিছিল সেয়া জানিবলৈ চেষ্টা চলি আছে । ইয়াৰ নেপথ্যত বিটকইন মাফিয়াৰ হাত থাকিব পাৰে বুলিও প্রাথমিকভাৱে সন্দেহ কৰা হৈছে ।
ইয়াৰ আগতে একাধিকবাৰ হেকিংঙৰ বলি হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদী (Narendra Modi) । বিগত বৰ্ষৰ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট হেক হৈছিল । তাৰ আগতে প্রধানমন্ত্রীৰ নিজস্ব ৱেবছাইট আৰু ম’বাইল এপৰ টুইটাল একাউন্ট হেক হয় । দুই ক্ষেত্রতেই ক্রিপ্টোকাৰেন্সিৰ মাধ্যমত কৰ’না (Coronavirus) ত্রাণ তহবিলৰ বাবে অনুদান সংগ্রহৰ নামত ধন সংগ্ৰহ কৰাৰ চেষ্টা কৰে দুষ্কৃতীকাৰীসকলে । সেই ঘটনাটো এই বিটকইন মাফিয়াৰ হাত আছিল ।