ধূমপানৰ অপকাৰিতা সম্পৰ্কে ইতিমধ্যে বিশ্বৰ বিভিন্ন ঠাইত গৱেষণা চলিছে । ধূমপানৰ ফলত হ’ব পৰা অপকাৰিতা সম্পৰ্কে মানুহক সজাগ হ’বলৈ পৰামৰ্শ আগবঢ়াইছে গৱেষকসকলে ।
ইয়াৰ অপকাৰী দিশসমূহৰ বিষয়ে বিভিন্ন প্ৰান্তত চৰ্চা হোৱা সত্ত্বেও প্ৰায়ভাগ বিষয়টো আওকাণ কৰি নিয়মীয়াকৈ সেৱন কৰি আছে । যিহেতু ধনে ধৰণৰ সতৰ্কবাণী প্ৰচাৰ কৰা সত্ত্বেও প্ৰায়ভাগে ধূমপান কৰি আছে । সেয়েহে ধুম্ৰপায়ীসকলৰ তেজত নিকোটিনৰ পৰিমাণ যদি ঔষধৰ দ্বাৰা বৃদ্ধি কৰিব পাৰি তেতিয়া হ’লে এনে ধৰণৰ অভ্যাসৰ পৰিৱৰ্তন কৰাটো সম্ভৱ হ’ব ।
এনে ধৰণৰ চিন্তা-চৰ্চাও চিকিৎসকসকলে আৰম্ভ কৰিছে । যিসকলে ধূমপানৰ অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা কৰিব তেওঁলোকে নিশ্চয় সুফল লাভ কৰিব । এনে ঔষধ টেবলেট অথবা ছুইংগামৰ ৰূপতো পোৱা যায় । সম্প্ৰতি ইনফ্লুৱেঞ্জাৰ টিকা সহজলভ্য হৈছে । যিসকল চিঅ’এডিত আক্ৰান্ত তেওঁলোকৰ পক্ষে খুবেই ফলদায়ক হিচাপে চিহ্নিত হৈছে । সেইবাবে এনে সমস্যাত আক্ৰান্তসকলে সময়মতে ইনফ্লুৱেঞ্জাৰ টিকা লোৱাটো বাঞ্ছনীয় ।
চিঅ’এডিত আক্ৰান্তসকলৰ হাওঁফাওঁত নিজস্ব প্ৰতিৰোধ ক্ষমতা কম থাকে আৰু সেইবাবে তুলনামূলকভাৱে ভাইৰাছৰ সংক্ৰমণ অথবা বেক্টেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পায় । সেইবাবে প্ৰতিৰোধী ব্যৱস্থা হিচাপে ভেকচিন লোৱাটো নিতান্তই প্ৰয়োজনীয় ।






























