বসন্তৰ আগমনৰ লগে লগে সৰু আই, মাজু আই আদি ৰােগৰ প্রকোপ বৃদ্ধি পায়। বছৰৰ যিকোনাে সময়তে বসন্ত ৰােগ হ’ব পাৰে। যদিও তুলনামূলকভাৱে জানুৱাৰীৰ শেষৰ পৰা এপ্রিল মানলৈকে এনেৰােগৰ ভাইৰাছে বেছিকৈ আক্রমণ কৰা দেখা যায়।
৭০ দশকৰ আগলৈকে বসন্ত ৰোেগ আছিল সকলাে লােকৰ বাবে শংকাৰ কাৰণ। কাৰণ বৰ আই’ত আক্রান্ত মানে প্রাণৰাে সংশয়। ৭০ দশকৰ। আগলৈকে ‘বৰ আইক’ ঘাতক হিচাপে আখ্যা দিয়া হৈছিল।
সৌভাগ্যৰ বিষয় এয়ে যে ১৯৭৭ত এইবিধ ৰােগত অন্তিমগৰাকী ৰােগীৰ মৃত্যু হােৱাৰ পাছত আজিলৈকে ক’তাে বৰ আই’ হােৱা নাই। এতিয়া পিছে সৰু আইৰ প্রকোপহে বেছি।
পেৰামিক্স ভাইৰাছে আক্রমণ কৰাৰ লগে লগে এনে ৰােগে গা কৰি উঠে। এইবিধ ভাইৰাছে আক্ৰমণ কৰিলে কিছমান বিশেষ লক্ষণ ফুটি উঠে। এই লক্ষণসমূহ হ’ল—
★ আক্রান্ত লােকজনৰ শৰীৰৰ উত্তাপ বৃদ্ধি পায়।
★শৰীৰৰ বিভিন্ন অংশত বিষ আৰম্ভ হ’বলৈ ধৰে।
★ এই বিষ বৃদ্ধি হােৱাৰ লগে লগে ফেৰিংছলৈ সংক্রমিত হােৱাৰৰ আশংকা থাকে।
★কিছুমানৰ চকু ৰঙা হােৱাৰ লগতে পটা ফুলি উঠে। • আক্রান্তজনৰ শুকানি কাহ হ’বলৈ ধৰে।
★প্ৰথমতে সৰু সৰু গুটিৰ দৰে ফোঁহা ওলায়।
★কাম-বন কৰিবলৈ মন নাযায়।
★বসন্ত ৰােগত আক্রান্ত লােকজনে চাফ-চিকুণ হৈ থকা উচিত।
★আনে পৰিধান কৰা কাপােৰ ব্যৱহাৰ কৰিব নালাগে। তদুপৰি আক্রান্তজনৰ বস্ত্রও আনে ব্যৱহাৰ কৰা অনুচিত।
★ৰােগী থকা ঘৰটোৰ দুৱাৰ-খিৰিকী আদি ভালদৰে মেলি দিব লাগে। তেতিয়াহে। বাহিৰৰ নির্মল বতাহ ভিতৰলৈ প্ৰৱেশ কৰিব।