হাতত ফোন নম্বৰ, পিঠিত বেগ লৈ মাজনিশা শ্ল’ভাকিয়াৰ সীমান্তত ‘আজিৰ নায়ক’

ukraine refugee boy 01

কথাতে আছে যে দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হয়। ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই যেন সেই প্রচলিত প্রবাদকে বাৰে বাৰে মনত পেলাই দিছে। ৰাজনীতিৰ খেলাত সাধাৰণ মানুহ যে প্রকৃততে দবাৰহে গুটি, সেয়া ইউক্রেইনলৈ চালেই স্পষ্ট হয়।

যুদ্ধৰ এই নৃশংসতাৰ পৰা বাদ পৰি যােৱা নাই শিশুসকলাে। ইতিমধ্যেই ৩৮টি শিশুৰ মৃত্যু হােৱা বুলি ইউ ক্রেইনে চৰকাৰীভাৱে জনাইছে। চৰকাৰৰ তথ্যত নথকা আৰু কিমান শিশু আছে, তাৰ হিচাপ নাই। জীয়াই থকা শিশুসকলাে নিৰাপদ নহয়।

ভৱিষ্যতৰ স্বপ্ন চাবলৈ শিকা চকুত যুদ্ধৰ ধ্বংসলীলাই যেন আতংক জগাই তুলিছে তেওঁলােকৰ মনত। চকুৱে-মুখে এটাই প্রশ্ন, এই যুদ্ধ কেতিয়া শেষ হ’ব? এনে এক পৰিস্থিতিৰ মাজতে এক আবেগিক দৃশ্য দেখা গ’ল শ্ল’ভাকিয়াৰ সীমান্তত।

এটি ১১ বছৰীয়া শিশুৱেই বুজাই দিয়ে যুদ্ধৰ নৃশংসতাক। লাখ লাখ লােকে প্রাণৰ মমতাত ইতিমধ্যে ইউক্রেইন ত্যাগ কৰিছে। আশ্ৰয় লৈছে প্রতিবেশী দেশসমূহত। সপােনৰ ঘৰ,প্রিয়জনক হেৰুৱাই শৰণার্থী হৈ নতুনকৈ জীয়াই থকাৰ সংগ্ৰামত জঁপিয়াই পৰিছে।

প্রতিবেশী দেশসমূহৰ নিৰাপত্তাৰক্ষীয়ে এই শৰণাৰ্থীসকলক যথাসম্ভৱ সাহায্য কৰিছে। প্রত্যেক ক্ষণতে দেশ ত্যাগ কৰি আছে সাধাৰণ নাগৰিকে। ইয়াৰ মাজতে মাজনিশা আহি শ্ল’ভাকিয়াৰ সীমান্তত উপস্থিত হ’ল এটি ১১ বছৰীয়া শিশু।

একো নুবুজাকৈয়ে নিশাৰ অন্ধকাৰত ঘৰ, পিতৃ-মাতৃক এৰি সীমান্তত উপস্থিত হােৱা শিশুটিক দেখি শ্ল’ভাক নিৰাপত্তা ৰক্ষীসকলাে স্তম্ভিত হৈ পৰিছিল। শিশুটিৰ পিঠিত এখন বেগ আৰু এহাতত এটা পলিথিন। এখন হাতত এটা ফোন নম্বৰ লিখা আছে।

শ্ল’ভাকিয়াৰ সীমান্তৰক্ষীসকলে তেওঁলােকৰ সামাজিক মিডিয়াৰ পেজত শিশুটিৰ ফটো প্ৰকাশ কৰি সমগ্র ঘটনা উল্লেখ কৰিছে।তেওঁলােকে জনাইছে যে ১১ বছৰীয়া শিশুটিৰ পিতৃ-মাতৃ ইউক্রেইনতে ৰৈ যায়। তেওঁলােকে স্বদেশৰ হৈ যুদ্ধত অৱতীৰ্ণ হ’ব বিচাৰে।

সেইবাবে পুত্র সন্তানক তেওঁলােকে দেশ এৰি পলায়ন কৰিবলৈ উপদেশ দিয়ে। অনেক বুজোৱাৰ পাছত পিতৃ-মাতৃৰ কথা পেলাব নােৱাৰিলে কণমানি ল’ৰাজনে। পিতৃ-মাতৃৰ বুকুৰ মাজৰ পৰা ওলাই সন্মুখত অনির্দিষ্ট লক্ষ্যস্থান লৈ চলচলীয়া চকুৰে জাপৰজাইৰ পৰা আহি মাজনিশা শ্ল’ভাকিয়াৰ সীমান্তত উপস্থিত হ’ল শিশুটি।

সীমান্তৰক্ষীয়ে জনাইছে যে শিশুটি হাতত লিখি থােৱা ফোন নম্বৰত ফোন কৰিয়ে তেওঁলােকে এক আত্মীয়ৰ সন্ধান পায়। সেই আত্মীয়ক মাতি আনি নিৰাপত্তাৰক্ষীয়ে শিশুটিক তেওঁলােকৰ হাতত তুলি দিয়ে। সামাজিক মাধ্যমত শ্ল’ভাকিয়াৰ এজন নিৰাপত্তাৰক্ষীয়ে লিখিছে,‘চকু-মুখত কোনাে ভয়-আতংক নাই, এৰি অহা পিতৃ-মাতৃৰ বাবে বেদনা নাই।

বৰঞ্চ দৃঢ়তাৰে জনাইছে নিজৰ ঘৰৰ কথা। এইজনেই ‘আজিৰ নায়ক’। শিশুটিৰ মায়া ভৰা হাঁহিটো পাহৰাটো অত্যন্ত কঠিন হ’ব।’

Exit mobile version