The Kashmir Files : ছবি মুক্তিক লৈ তীব্র বিতর্ক নিউজিলেণ্ডত, সৰৱ পিটাৰ্ছ

মুক্তিৰ পাছৰ পৰাই বিতর্কৰ কেন্দ্রবিন্দু হৈ আহিছে ‘দ্য কাশ্মীৰ ফাইলছ’ । চলচ্চিত্ৰৰ বিষয়বস্তুক লৈ নানা মত দেখা গৈছে । এইবাৰ নিউজিলেণ্ডত ছবি মুক্তিক লৈও আৰম্ভ হৈছে বিতৰ্ক । ছবিখনক ইয়াৰ আগতে অনুমোদন দিয়ে যদিও কিছুসংখ্যকৰ আপত্তিত পুনৰ ছবিখনৰ সম্পর্কে পুনর্বিবেচনাৰ সিদ্ধান্ত লৈছে নিউজিলেণ্ডৰ ছেন্সৰ বোর্ডে । ছবিৰ মুক্তি সম্প্ৰতি স্থগিত কৰি দিয়াত ছেন্সৰ বোর্ডৰ তীব্র সমালোচনা কৰিছে নিউজিলেণ্ডৰ প্রাক্তন উপ-প্রধানমন্ত্রী উইনষ্টন পিটাৰ্ছে ।

ইয়াৰ আগতে ছবিখন মুক্তি দিবলৈ অনুমোদন দিয়ে যদিও ছেন্সৰ বোর্ডৰ তৰফৰ পৰা ‘এ’ চার্টিফিকেট দিয়া হয় । কোৱা হৈছিল, ১৬ বছৰৰো অধিক বয়সৰসকলে এই ছবি চোৱাৰ অনুমতি পাব ।

প্রসংগত ছবিখনত দেখুওৱা হৈছে, কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত বিচ্ছিন্নতাবাদীসকলৰ আক্রমণ আৰু উপত্যকাৰ পৰা তেওঁলোকক নিৰ্বাসিত কৰা বিষয়টো । যোৱা ১১ মার্চত মুক্তিৰ পাছৰ পৰাই বিতর্ক আৰম্ভ হয় । নিউজিলেণ্ডতো এটা সম্প্রদায়ৰ প্রতিনিধিসকলে এই ছবিৰ প্রদর্শনক লৈ আপত্তি কৰিছে । নিউজিলেণ্ডৰ অন্যতম ৰাজনৈতিক দল ‘নিউজিলেণ্ড ফাৰ্ষ্ট’ৰ নেতা তথা প্রাক্তন উপ-প্রধানমন্ত্রী পিটাৰ্ছৰ বক্তব্য, এই ছবিখনক ছেন্সৰ কৰা, দেশৰ জনসাধাৰণৰ স্বাধীনতাৰ ওপৰত আক্রমণ । ছবিখন আমেৰিকা, অষ্ট্ৰেলিয়া, ভাৰতসহ বহু দেশৰ লোকে ইতিমধ্যে চাইছে । তেওঁৰ মতে, ছেন্সৰ বোর্ডৰ এই সিদ্ধান্ত ১৫ মার্চত ক্রাইষ্টচার্চৰ মছজিদত আক্ৰমণ বা আমেৰিকাত ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ তথ্য আৰু চিত্র মানুহৰ মনৰ পৰা মছি পেলোৱাৰ দৰে ।

লগতে পিটাৰ্ছে জনাইছে, নিউজিলেণ্ডৰ উপৰিও, সমগ্ৰ বিশ্বৰ মূলধাৰাৰ মুছলিমসকলে ইছলামৰ নামত সন্ত্রাসৰ নিন্দা কৰে । ইছলাম বিদ্বেষৰ বিৰুদ্ধে কৰা পদক্ষেপসমূহ ভুলৱশত সন্ত্রাসবাদীসকলৰ ঢাল হৈ উঠা উচিত নহয় । ফেচবুকত পিটাৰ্ছৰ এই মন্তব্যৰ পাছতেই তেওঁক ধন্যবাদ জনাইছে ‘দ্য কাশ্মীৰ ফাইলছ’-ৰ পৰিচালক বিবেক অগ্নিহোত্রীয়ে ।

টুইটাৰত পৰিচালকৰ দাবী, ছবিখনত নিষেধাজ্ঞা আৰোপ কৰিবৰ বাবে কিছু সাম্প্রদায়িক গোষ্ঠীৰ তৰফৰ পৰা নিউজিলেণ্ড ছেন্সৰ বোর্ডৰ ওপৰত চাপ দিয়া হৈছে ।

যদিও স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, ছবিখনৰ ওপৰত এতিয়াও কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই । কিছু লোকৰ আপত্তিৰ বাবে ছবিখনৰ প্রদর্শনৰ বিষয়ত পুনর্বিবেচনাৰ সিদ্ধান্ত লোৱা হৈছে । ছেন্সৰ বোর্ডৰ প্রধান ডেভিছ ছেংকছে জনাইছে, মুছলিম সম্প্রদায়ৰ কিছু লোকে তেওঁক জনাইছে, এই ছবিখন মুছলিম-বিৰোধী ভাবাবেগত উচতনি দিব পাৰে । যাৰ ফলত বিদ্বেষৰ সৃষ্টি হ’ব পাৰে ।

আনহাতে, নিউজিলেণ্ডত ছবিখন মুক্তিৰ দাবীতো পিটিছন জমা হৈছে । পিটিছনত কোৱা হৈছে, ছবিখনৰ বিষয়বস্তু বাস্তৱ ঘটনাৰ ওপৰত ভিত্তি কৰি নির্মিত । সমগ্ৰ বিশ্বত চলচ্চিত্র মাধ্যম ব্যৱহাৰ কৰি যন্ত্রণাদায়ক অভিজ্ঞতা দাঙি ধৰা হয় । লগতে ইসলাম বিদ্বেষৰ অভিযোগ নাকচ কৰি এই পিটিছনত কোৱা হৈছে, সমগ্ৰ বিশ্বত লক্ষাধিক লোকে ছবিখন চাইছে । তাৰ পাছতো ক’তো অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই ।

নিউজিলেণ্ডত ছবিখনৰ প্রদর্শন স্থগিত ৰখাৰ তুমুল বিৰোধিতা কৰিছে পৰিচালকে । সমস্ত ভাৰতীয়ক জোঁটবদ্ধ হৈ এই অগণতান্ত্রিক কৌশলৰ বিৰোধিতা কৰাৰ অনুৰোধো কৰিছে বিবেকে । যদিও তেওঁৰ মন্তব্যৰ পাছতেই নেটনাগৰিকৰ কোনো কোনোৱে ‘পৰজানিয়া’ সম্পৰ্কত বিতর্কৰ বিষয়টো উত্থাপন কৰিছে । ২০০২ত গুজৰাট সংঘৰ্ষৰ পাছত এহাল পাৰচী দম্পতিয়ে সন্তানক বিচাৰি উলিওৱাৰ বিষয়টোক লৈ ‘পৰজানিয়া’ তৈয়াৰ কৰিছিল ৰাহুল ঢোলাকিয়াই । সেই ছবিৰ ওপৰত অলিখিত নিষেধাজ্ঞা জাৰি হৈছিল গুজৰাতত । শাসক দল বিজেপিৰ কোপত যাতে পৰিবলগীয়া নহয়, সেয়ে ছবিখন প্রদর্শনত অমান্তি হৈছিল ৰাজ্যৰ বহু ছবিগৃহ স্বাত্বাধিকাৰী ।

বিবেকক এজনৰ প্রশ্ন, ‘‘সেই ঘটনাটো আপুনি অগণতান্ত্রিক নাভাবে ?’’ আকৌ বহু লোকেই বিবেক আৰু তেওঁৰ ছবিৰ লগত থকাৰ বার্তা দিছে ।

Exit mobile version