Bizarre : চিনেমাৰ পর্দাৰ কাষত কাঁটা তাঁৰৰ বেৰ দিলে চলচ্চিত্ৰগৃহৰ স্বত্বাধিকাৰীয়ে !

1648195245 theater

কাঁটা তাঁৰৰ বেৰ, চলচ্চিত্ৰ গৃহৰ স্ক্রিনৰ সন্মুখত ! সীমান্তত, বা কোনো ভূমিৰ সীমা চিন দিনবলৈ কাঁটা তা‍ঁৰৰ বেৰ দিয়া দেখা আমি অভ্যস্ত । কিন্তু কোনো কালেই কোনেও এনে দৃশ্য দেখা নাই ।

দর্শকাসনৰ পৰা নতি দূৰত চলচ্চিত্ৰ গৃহৰ এটা প্রান্তৰ পৰা আন এটা প্রান্তত কাঁটা তাঁৰৰ বেৰ দিয়া হৈছে । যেন কোনো কাৰণতেই কোনেও সেই সীমা পাৰ কৰিব নোৱাৰে । দেখিলে এনে লাগিব কোনো সীমান্তত আহি গ’লো ! সীমান্তৰ সিপাৰে চিনেমাৰ স্ক্রিন, আৰু এই পাৰত বহি ছবি চোৱাৰ দৰেই অৱস্থা । অৱশ্যে এয়া কোনো সীমান্তৰ ঘটনা নহয় । এই ঘটনা অন্ধ্রপ্রদেশৰ শ্রীকাকুলামৰ এটা চলচ্চিত্ৰ গৃহৰ ।

কিয় এনে সিদ্ধান্ত ল’লে কর্তৃপক্ষ‌ই ?

চলচ্চিত্ৰ গৃহৰ দায়িত্বত থকা এজন কর্মচাৰীয়ে জনাইছে, অল্লু অর্জুনৰ ‘পুষ্পা’ মুক্তি পোৱাত, এই চলচ্চিত্ৰগৃহত ছবিখন প্রদর্শিত হয় । সেই ছবি চাবৰ বাবে ইমানে ভিৰ হৈছিল যে, ভিৰ নিয়ন্ত্ৰণ কৰোতে চলচ্চিত্ৰগৃহ কর্তৃপক্ষৰ শোচনীয় অৱস্থা হয় । চলচ্চিত্ৰগৃহত আসন পাবৰ বাবে হুৰমুৰীয়া পৰিৱেশৰ সৃষ্টি হয় । বহু দর্শকে চলচ্চিত্ৰ গৃহৰ পর্দাৰ সন্মুখত গুচি যায় । ভিৰৰ ঠেলা-ঠেলিত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । যাৰ ফলত চিনেমাৰ পর্দা ক্ষতিগ্রস্ত হয় । চলচ্চিত্ৰগৃহৰ স্বত্বাধিকাৰীৰ প্রচুৰ ক্ষতিও হয় ।

শুকুৰবাৰে এছএছ ৰাজামৌলি পৰিচালিত বৃহৎ বাজেটৰ ছবি ‘আৰ‌আৰআৰ’ মুক্তি পাইছে । জুনিয়ৰ এনটিআৰ, ৰাম চৰণ আৰু অজয় দেৱগণ অভিনীত এই ছবি মুক্তি পোৱাৰ আগৰ পৰাই উন্মাদনা তৈয়াৰ হৈছে দর্শকৰ । মুক্তি পোৱাৰ অপেক্ষাত আছিল দর্শকসকল । চলচ্চিত্ৰ গৃহসমূহত ভিৰ যে উপচি পৰিব এইটো স্বাভাৱিক । শ্রীকাকুলামৰ এই চলচ্চিত্ৰগৃহতো ‘আৰআৰআৰ’ মুক্তিৰ দিনাখনেই প্রদর্শনৰ ব্যৱস্থা কৰা হৈছে । ফলত পূৰ্বৰ পৰিস্থিতি পুনৰ সৃষ্টি নহ’বৰ বাবে এইবাৰ আগৰ পৰাই সাৱধানী পদক্ষেপ গ্ৰহণ কৰিছে চলচ্চিত্ৰগৃহ কর্তৃপক্ষ‌ই ।

দর্শকৰ বাবে যাতে চিনেমাৰ পর্দাৰ কোনো ক্ষতি নহয়, দর্শকসকলে যাতে পর্দাৰ কাষত যাব নোৱাৰে, সেয়ে দর্শকাসন আৰু চিনেমাৰ পর্দাৰ মাজত এটা প্রান্তৰ পৰা আন এটা প্রান্ত পর্যন্ত কাঁটা তাঁৰৰ বেৰ দিছে চলচ্চিত্ৰগৃহ কর্তৃপক্ষ‌ই । চলচ্চিত্ৰগৃহ কর্তৃপক্ষৰ সেই অদ্ভুত ব্যৱস্থাই এতিয়া সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে ।

Exit mobile version