বহু সময় ৰ’দত ঘূৰাৰ পাছত অলপমান তৃষ্ণা পূৰাব মন যায় । অলপ ‘ৰিফ্রেছমেন্ট’ৰো প্ৰয়োজন হয় । এই অৱস্থাত দোকানৰ সন্মুখত থিয় হোৱাত ‘নিম্বুজ’ চকুত পৰাৰ লগে লগে কিনি লয় । সেইটো সেৱন কৰি তৃষ্ণাও পূৰণ হয় আৰু লগতে ‘ৰিফ্রেছমেন্টো’ হৈ যায় । এইটো এটা উদাহৰণ মাত্র । ‘নিম্বুজ’-ৰ স’তে অপৰিচিত লোকৰ সংখ্যা অতি নগন্য । এটা প্ৰসিদ্ধ নৰম পানীয় সংস্থাৰ প্রডাক্ট এইটো । ‘নিম্বুজ’ক ‘ফ্রুট পাল্প’ বা ‘ফ্রুট জুছ-বেছড্ ড্রিংক’ হিচাপেই বিক্রী কৰে নৰম পানীয় সংস্থাটোৱে ।
কিন্তু ‘নিম্বুজ’ কেৱল ফলৰ ৰস জানো ? নে ইয়াক লেমনড্ কোৱা উচিত ? এই বিতর্ক উত্থাপিত হৈছে উচ্চতৰ ন্যায়ালয়ত । শীর্ষ আদালতৰ সেই ৰায়ৰ উপৰতেই ‘নিম্বুজ’-ৰ গোত্র নিৰ্ধাৰণ হ’ব । লগতে কিমান পৰিমাণে শুল্ক ধার্য কৰা হ’ব এই প্রডাক্টৰ ওপৰত, স্থিৰ হ’ব সেই বিষয়টোও ।
২০১৩-ত বজাৰত প্রথমবাৰ আহে ‘নিম্বুজ’ । প্রস্তুতকাৰী সংস্থাই ইয়াক আৰম্ভণিৰ পৰাই প্ৰকৃত নেমুৰ ৰস বুলি দাবী কৰি আহিছে । ইয়াৰ পৰাই বিতর্কৰ সূত্রপাত হয় । ২০১৫ত এটা খাদ্য সংস্থাই ‘নিম্বুজ’-ৰ গোত্রক লৈ প্রশ্ন উত্থাপন কৰে । তেওঁলোকে ইয়াক কোনো কাৰণতেই কেৱল ফলৰ ৰস বুলি মানি ল’বলৈ প্ৰস্তুত নহয় । তেওঁলোকৰ দাবী, এইটো লেমনড্ । এই গোচৰ প্রথমে ইলাহাবাদ উচ্চ ন্যায়ালয়ত উত্থাপিত হয় । খাদ্যৰ সংস্থাটোৱে আবেদন কৰে যে, ‘নিম্বুজ’ ফলৰ ৰস নহয়, লেমনড্ হিচাপেই ঘোষণা কৰা হওক । কিন্তু আদালতে ইয়াক ‘ফ্রুট জুছ-বেছড্’ পানীয় হিচাপে ৰায় দিয়ে ।
ইলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই সেই খাদ্য সংস্থাটো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । শীর্ষ আদালতে গোচৰটো গ্রহণ কৰিছে । এতিয়া ‘নিম্বুজ’ৰ গোত্র পৰিৱর্তন হয় নে নহয় সেয়া হ’ব লক্ষণীয় ।