অমিত শ্বাহক অগপ নেতা নুৰুল হুছেইনৰ সাক্ষাৎ

10edbd26 8374 4fea a6d7 fae739fc8cd8

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁৰ শেহতীয়া অসম ভ্ৰ্মণ কালত সীমান্ত অঞ্চল ভ্ৰ্মণ কৰি সীমান্তৰক্ষী সকলক উজ্জীৱিত কৰা বুলি অসম গণ পৰিষদৰ নেতা তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনে মত পোষণ কৰিছে।

শ্বাহে খানাপাৰা খেলপথাৰত প্ৰ্দান কৰা উদাত্ত ভাষণেৰেও ৰাজ্যখনৰ আবাসী সকলক যথেষ্ঠ উদ্বুদ্ধ কৰিব পাৰিছে বুলিও হুছেইনে মত পোষণ কৰে।

গৃহমন্ত্ৰী গৰাকীৰ ইচ্ছানুষৰিয়েই হুছেইনে তেওঁক বৰঝাৰ বিমান বন্দৰত তেওঁৰ দিল্লীমুখী ওভোতনি যাত্ৰাৰ সময়ত সাক্ষাৎ কৰিবলৈ যাওঁতে গৃহমন্ত্ৰী গৰাকীয়ে দূৰৈৰ পৰাই হুছেইনক প্ৰ্ত্যক্ষ কৰি “নুৰুল নুৰুল” বুলি চিঞৰি আহি হুছেইনক সাবটি ধৰিছিল আৰু তেনেদৰেই তেওঁক আগবঢ়াই থবলৈ যোৱা ৰজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া সকলৰ সন্মুখতেই প্ৰায় ১২ মিনিট ধৰি তেওঁক সাবটি ধৰি থাকি কুশল-মঙ্গল বাৰ্তা বিনিময় কৰাৰ ওপৰিও কিছু বিষয়ৰ ওপৰত মত বিনিময় কৰে আৰু হুছেইনক ৰাজনৈতিক কাম-কাজত সক্ৰিয়ভাৱে অংশ গ্ৰ্হণ কৰি থাকিবলৈ উৎসাহিত কৰে বুলি হুছেইনে এক বিবৃতিৰ জড়িয়তে জানিবলৈ দিছে।

হুছেইনে আশা প্ৰ্কাশ কৰে যে অমিত শ্বাহৰ দৰে নেতা সকলৰ নেতৃত্বত ৰাজ্যত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত বুজাবুজি আগন্তুক দিনবোৰত আৰু অধিক উন্নত হ’ব।

Exit mobile version