শনিবাৰে ধর্মান্ধতাৰ বলি হৈছে মধ্যপ্রদেশৰ এগৰাকী প্রবীণ মহিলা । মুছলমান ভাবি বৃদ্ধক মাৰধৰ কৰি হত্যা কৰা হয় । পাছত জানিব পৰা যায় তেওঁৰ পদবী জৈন।। সাম্প্রতিককালত সমগ্ৰ দেশত জাত-ধর্ম, আচাৰ-প্রচাৰৰ ক লৈ সহস্ৰাধিক অশান্তি অব্যাহত আছে । ইয়াৰ মাজতেই ৰাজা ৰামমোহন ৰায়ৰ জন্মদিনত প্রকাশ্যত আহিল ভিন্ন সংবাদ । বহু বছৰ ধৰি চলা বৈধব্য প্রথা (Widowhood) পালনত নিষেধাজ্ঞা জাৰিৰ উদ্যোগ লোৱা হ’ল মহাৰাষ্ট্রৰ গাঁৱত ।
মহাৰাষ্ট্রৰ (Maharashtra) গ্রামোন্নয়ন মন্ত্রী হাছান মুছৰিফে (Hasan Mushrif) ৰাজ্যৰ সমস্ত গাঁও পঞ্চায়তক এই আহ্বান জনালে । এই যুগান্তকাৰী ভাবনাৰ পিছত আছে শিৱাজি মহাৰাজৰ দেশৰ এখন সৰু গাঁও । যিয়ে অনুপ্রাণিত কৰিছে অসংখ্যক ।
গাঁওখন হ’ল কোলাপুৰৰ হেৰৱাড় (Herwad) । যোৱা চাৰি মে’ত হেৰৱাড় গাঁৱত পঞ্চায়তত বিশেষ প্রস্তাৱ পাছ হয় । এই প্রস্তাৱত কোৱা হৈছে, স্বামীৰ মৃত্যুৰ পাছত মহিলাসকলে সেন্দুৰ মছি পেলোৱা, মংগলসূত্র খুলি পেলাবলৈ বাধ্য কৰা ইত্যাদি প্রথাৰ বিৰোধিতা কৰা হৈছে । তথ্য অনুসৰি, হেৰৱাড়ৰ দৰেই কোলাপুৰৰেই অন্য গাঁও মনগাঁও গাঁও পঞ্চায়তেও একেই পদক্ষেপ গ্ৰহণ কৰিছে । প্রশ্ন হ’ল, ৰক্ষণশীল সমাজ ভাবনাৰ বিপৰীতে এনে পদক্ষেপৰ আৰম্ভণি ক’ত ?
নেপথ্যত আছে প্রমোদ জিঞ্জাৰে । তেওঁ এটা সমাজ সেৱা মণ্ডলৰ অধ্যক্ষ । যাক মান্য কৰে হেৰৱাড়ৰ জনসাধাৰণে । জিঞ্জাৰেই বুজায়, মহিলাসকলৰ বৈধব্য প্রথা মানিবলৈ বাধ্য কৰা অসন্মানজনক । আনকি এই বিষয়ত ষ্টাম্প পেপাৰত তেওঁ নিজৰ সিদ্ধান্ত ঘোষণা কৰে । জনায়, জিঞ্জাৰৰ মৃত্যুৰ পাছত তেওঁৰ পত্নীক বৈধব্য প্রথা মানিবলৈ বাধ্য কৰিব নোৱাৰিব । ইয়াৰ পাছতেই হেৰৱাড় গাঁৱৰ গাঁওপ্ৰধান সুৰগোণ্ডা পেটেলে এই বিষয়ত উদ্যোগ লয় । ৰক্ষণশীল প্রথাৰ বিৰুদ্ধে গাঁও পঞ্চায়তত সকলোৰে সন্মতিত প্রস্তাৱো পাছ হয় ।