কোটিপতি ৰাকেশ ঝুনঝুনৱালাৰ(Rakesh Jhunjhunwala) সংস্থাৰ বিমান সেৱা ‘আকাশ এয়াৰ’ (Akasa Air) জুলাইত আকাশত উৰা মৰাৰ সম্ভাৱনা ।
সোমবাৰে নতুন কোম্পানীটোৰ বিমানৰ ছবি পোহৰলৈ আহিছিল। ফটোখন আকাশ এয়াৰে টুইট কৰিছে। লগত কেপচন , ‘শান্ত থাকিব পৰা নাই !’
কিছুদিনৰ আগতে, দেশৰ বিমান নিয়ন্ত্ৰক, অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে জনাইছিল যে আকাশ এয়াৰৰ প্ৰথম খন বিমান জুন বা জুলাইত কোম্পানীলৈ আহিব পাৰে।
অৱশ্যে, তৎক্ষণাৎ বাণিজ্যিক বিমান আৰম্ভ কৰাৰ কোনো নিয়ম নাই। কিছুমান নিয়ম অনুসৰি কেবাটাও পৰীক্ষামূলক বিমানৰ পাছতহে অনুমতি দিয়া হ’ব। ৰাকেশ ঝুনঝুনৱালাৰ কোম্পানীয়ে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ বিমানৰ ছবি ৰাজহুৱা কৰিছে ।
আজি বিমানখনৰ এখন ফটো পোষ্ট কৰাৰ উপৰিও, কেপচনত লিখিছে , “শান্ত থাকিব নোৱাৰি! স্বাগতম জনালো আমাৰ কিউ.পি. বিমানক ।” কিউপি প্ৰকৃততে আকাশ এয়াৰৰ কোড।
তথ্য অনুসৰি আকাশ এয়াৰে জুনত ইয়াৰ প্ৰথম উৰণ লাভ কৰিব। সেৱাটো জুলাইত আৰম্ভ হ’ব। অৱশ্যে, যোৱা বছৰ অক্টোবৰত, নতুন বিমান সংস্থাটোৱে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ পৰা অনুমোদন লাভ কৰিছিল।
কোম্পানীটোৰ মেনেজিং ডাইৰেক্টৰ বিনয় ডুৱে কয়, “জুনৰ মাজভাগত আমাৰ হাতত বিমানখন আহি পৰিব । সেইয়া পালেই আমি অপাৰেটিং পাৰ্মিট প্ৰাপ্ত কৰাৰ বাবে এখোজ আগুৱাই যাব পাৰিম। তাৰ পাছত, আমি নিয়মীয়া পৰীক্ষামূলক বিমানৰ ব্যৱস্থা কৰিম। যাৰ জৰিয়তে আমি এ.ও.পি.-ৰ (এয়াৰ অপাৰেটৰ পাৰ্মিট) অনুমোদন লাভ কৰিম। “
https://twitter.com/AkasaAir/status/1528609416408231936?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1528609416408231936%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Findia%2Fakasa-air-shares-a-picture-of-its-first-aircraft-in-twitter%2F
প্ৰসংগত যোৱা বছৰ খবৰ পোৱা গৈছিল যে ভাৰতীয় কোটিপতি ৰাকেশ ঝুনঝুনৱালাই এটা নতুন এয়াৰলাইন মুকলি কৰিব । তেওঁৰ কোম্পানীয়ে অহা চাৰি বছৰত ৭০ খন বিমান উৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।
এই বিমানখন তুলনামূলকভাৱে সুলভ হ’ব। ভৱিষ্যতে অধিক লোকে বিমানেৰে ভ্ৰমণ কৰিব। এই কথা মনত ৰাখি আকাশ এয়াৰৰ বাণিজ্য পৰিকল্পনা।