মেকড’নাল্ডছৰ পাছত এইবাৰ ৰাছিয়াত ব্যৱসায় বন্ধৰ সিদ্ধান্ত ল’লে ষ্টাৰবাকছে। তিনিমাহ ধৰি ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাৰ পৰিণতিত ভ্লাডিমীৰ পুটিনৰ দেশত ষ্টাৰবাকছৰ সকলো বিপণী বন্ধ কৰাৰ সিদ্ধান্ত ল’লে কুৱেইটৰ ব্যৱসায়িক প্রতিষ্ঠানটোৱে।
ADVERTISEMENT
ৰাছিয়াত ষ্টাৰবাকছৰ প্ৰতিষ্ঠানত প্ৰায় দুহেজাৰ কৰ্মী নিয়োজিত হৈ আছে আৰু বিপণীসমূহ বন্ধ কৰিলেও আগন্তুক ছমাহলৈ কৰ্মীসকলক সংস্থাটোৱে বেতন কৰিব পাৰিব।
ষ্টাৰবাকছে কালি প্ৰকাশ কৰা অনুসৰি ৰাছিয়াত থকা মুঠ ১৩০ খন কফি বিপণী স্থায়ীভাৱে বন্ধৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে যোৱা মাৰ্চৰ পৰা এইসমূহ বিপণী প্রতিষ্ঠানটোৱে বন্ধ ৰাখিছিল।