কৰ’না মহামাৰীৰ লকডাউনৰ পাছত অভিনয় কৰিব পাই সুখী হৈছো : বিপুল ৰাভা

বাগসাৰ শিমলাত অসমৰ জনপ্রিয় কৌতুক অভিনেতা

WhatsApp Image 2022 05 27 at 6.53.54 PM

বাগসা জিলাৰ শালবাৰীৰ শিমলাত আজি হঠাৎ আহি উপস্থিত হয় অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা । তাৰ পাছতে সাংবাদিকেৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে কৰ’না মহামাৰীৰ লকডাউনৰ পাছত পুনৰ অভিনয় কৰিব পাই তেওঁ যথেষ্ট সুখী অনুভৱ কৰিছে ।

কৰ’না মহামাৰীৰ ভয়াৱহতাৰ কিছু শাম কটাৰ পাছতে তেওঁ এইবাৰ ব’হাগ মাহত ৪৫ টা বিহুৰ অনুষ্ঠানত কৌতুক অভিনয় কৰাৰ লগতে ছিৰিয়েলতো অভিনয় কৰি আছে ।

কৰ’না মহামাৰীৰ পাছতো আগৰ দৰেই ৰাইজৰ মাজত তেওঁৰ জনপ্ৰিয়তা কমি নোযোৱাৰ কথাও উল্লেখ কৰে । আনহাতে তেওঁ ২০২৩-২৪ বৰ্ষৰ ভ্ৰাম্যমাণ জগতৰ বীণাপাণি থিয়েটাৰত অভিনয় কৰিব ।

উল্লেখ্য যে, শেষত তেওঁ কৌতুক সুৰীয়া গীতৰ কলি এটিৰে অসমৰ ৰাইজৰ মংগল কামনা কৰি দুদিনীয়া জীৱনত সকলোকে সদায় হাঁহি-ধেমালি কৰি থাকিবলৈ কয় ।

Exit mobile version