Chardham Yatra : চাৰধাম যাত্ৰাত আতংক ! বিগত ২৫ দিনত মৃত্যু ৯৯ জন তীৰ্থযাত্ৰীৰ

1634776607 kedarnath tourist

উত্তৰাখণ্ডে জনাই যে চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ ২৫ দিনৰ ভিতৰত ৯৯ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। শনিবাৰে আৰু আঠজন তীৰ্থযাত্ৰীৰ মৃত্যু হয়, ৰাজ্য প্ৰশাসনৰ সূত্ৰই জনায়।

ৰাজ্যখনৰ স্বাস্থ্য বিষয়াই এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমক কয়, “তীৰ্থযাত্ৰীসকলৰ মৃত্যু প্ৰতিহত কৰিবলৈ আমি যিমান সম্ভৱ চেষ্টা কৰি আছো। মৃতসকলৰ বেছিভাগেই জ্যেষ্ঠ লোক । আমাৰ স্বাস্থ্য কৰ্মীসকলক চাৰধাম যাত্ৰাৰ পথত নিয়োজিত কৰা হৈছে। ঠাইবোৰত স্বাস্থ্য শিবিৰও স্থাপন কৰা হৈছে। “

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সূত্ৰ অনুসৰি, শনিবাৰে ৰুদ্ৰপ্ৰয়াগৰ পাণ্ডৱ শ্বেৰাত ট্ৰেকিং কৰি থকা অৱস্থাত সাত জন লোক সন্ধানহীন হয়। উদ্ধাৰকাৰী দলক তেওঁলোকক উদ্ধাৰৰ বাবে পঠোৱা হৈছে।

চাৰধাম যাত্ৰা তিনি মে’ত আৰম্ভ হয়। কেদাৰনাথৰ এজন স্বাস্থ্য বিষয়া প্ৰদীপ ভৰদ্বাজে কয় যে তীৰ্থযাত্ৰীসকলৰ মৃত্যুৰ আঁৰত কেবাটাও কাৰণ আছে।

বহুলোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা নাই, বিশেষকৈ ক’ভিডৰ পাছত, বহুলোক সেই সমস্যাত ভুগিছে। লগতে বেয়া বতৰ, পৰ্যাপ্ত ব্যৱস্থাৰ অভাৱ ইত্যাদি আছে।

ইয়াৰ বাহিৰেও, বহুলোকে ইমান উচ্চতাত তেওঁলোকৰ শৰীৰক সেই পৰিৱেশৰ স’তে খাপ খুৱাবলৈ সক্ষম নহয়। পোছাকো এই ক্ষেত্ৰত দায়ী।

হাড় কপোৱা ঠাণ্ডাত সঠিক কাপোৰ নকঢ়িওৱাৰ বাবেওবিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব লগা হয় তীৰ্থযাত্ৰীসকল।

বিষয়াজনে জনাই যে কেদাৰনাথত অত্যাধিক ঠাণ্ডাৰ বাবে তীৰ্থযাত্ৰীসকলৰ হাইপোথাৰ্মিয়াৰ ফলত মৃত্যু হৈছে। আকৌ, দেখা গৈছে যে ক’ভিডৰ পৰা আৰোগ্য হোৱাৰ পাছত বহুলোক এই ভ্ৰমণলৈ আহিছে। ফলত তেওঁলোকৰ শৰীৰে এই বিষ গ্ৰহণ কৰিব নোৱাৰিছে।

এক অধ্যয়ন অনুসৰি, ২০১৯ চনত চাৰধাম যাত্ৰাৰ সময়ত ৯০ জন, ২০১৮ চনত ১০২ জন আৰু ২০১৭ চনত ১১২ জন লোকৰ মৃত্যু হৈছে।

Exit mobile version