কষ্ট কৰিলে যে ফল পাবই, সেয়া আৰু এবাৰ প্রমাণ কৰিলে অন্ধ্রপ্রদেশৰ এজন যুৱকে । ফুড ডেলিভাৰী সহায়ক হিচাপে কাম কৰি কৰিয়েই উত্তীৰ্ণ হ’ল ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙত । যুৱকৰ নাম শেখ আব্দুল সত্তাৰ । নিজেই এটা কর্মক্ষেত্র সংক্রান্ত ৱেছাইইটত নিজৰ জীৱনযুদ্ধৰ কথা লিখিছে ।
কর্মক্ষেত্র সংক্রান্ত ৱেবছাইটত নিজৰ জীৱনপঞ্জিত আব্দুলে লিখিছে, কেৱল ফুড ডেলিভাৰী সংস্থাতেই নহয়, অন্য সংস্থানৰ বাবে বেংগালুৰুত একাধিক এপ্-কেব সংস্থাৰ হৈ তেওঁ গাড়ীও চলাইছিল । সন্ধিয়া ছয় বজাৰ পৰা আৰম্ভ কৰি গোটেই ৰাতি কাম কৰে । তাৰ পাছত পুৱা কোনো মতে নাকে-মুখে গুঁজি বেংগালুৰুৰ এখনত কলেজত পঢ়িবলৈ যায় । আব্দুলৰ পিতৃ এজন ঠিকাকর্মী । সেয়ে ঘৰ আৰু নিজৰ পঢ়া-শোনাৰ খৰচ চলাবলৈ তেওঁৰ অন্য কোনো উপায় নাছিল বুলিয়ে তেওঁ জনাইছে ।
আব্দুলে লিখিছে, ‘প্ৰথমতে লাজ লাগিছিল । কিন্তু ঘৰে ঘৰে খাদ্য দিয়ো বহু কথা শিকিছো মই ।’ তেওঁৰ দাবী, এই কামৰ জৰিয়তেই তেওঁৰ কথোপকথনৰ শৈলী উন্নত হৈছে । তেওঁৰ যুঁজ বিফলে যোৱা নাই । কষ্ট আৰু শ্রমেৰে অৱশেষত এটা বেচৰকাৰী তথ্যপ্রযুক্তি সংস্থাত চাকৰি লাভ কৰিলে আব্দুলে । কিন্তু ইমান পৰিশ্রমৰ পাছত পোৱা চাকৰি, কি কৰিব বেতনৰ টকাৰে ? আব্দুলৰ সহজ উত্তৰ, ‘মা-দেউতাৰ যিমান ঋণ আছে, আগতে সেইবোৰ পৰিশোধ কৰিম ।’