Alina Kabaeva : পুটিনৰ স’তে ‘প্রেম’ ফাদিল হোৱাৰ পাছত প্রথমবাৰ প্রকাশ্যত অলিম্পিক্সত সোণজয়ী জিমন্যাষ্ট

putin kabaeva 01

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে ‘প্রেমৰ সম্পর্ক’ ফাদিল হোৱাৰ পাছত এয়ে প্রথম প্রকাশ্যত আহিল আলিনা কাবায়েভা । ৰাছিয়াৰ চোচিত ব্লেক ছি ৰিজর্টত জিমন্যাষ্টিকসকলৰ প্রশিক্ষণ শিবিৰত যোগ দিছে অলিম্পিক্সত প্রাক্তন সোণজনী এই জিমন্যাষ্টে । সামাজিক মাধ্যমত এই প্ৰকাশ পোৱাৰ পাছতেই ভাইৰেল হৈ যায় ।

পশ্চিমীয়া সংবাদমাধ্যম সূত্ৰে খবৰ, চোচিৰ শিবিৰত ২৮ জন কমবয়সীয়া জিমন্যাষ্টক উৎসাহিত কৰিবলৈ আলিনাই কয়, ‘‘সকলোকেই অনুৰোধ কৰিছো, নিজৰ লক্ষ্যত উপনীত হোৱাৰ আগতে আশা নেৰিব ।’’ যদিও পুটিনৰ স’তে তেওঁৰ ‘সম্পর্ক’ক লৈ সমালোচনা চলি আছে, কিন্তু তেওঁ সেই বিষয়ত মন্তব্য কৰা নাই ।

ৰিদ্যমিক জিমন্যাষ্টৰ এই তাৰকাই ব্যক্তিগত ইভেন্টত এককালৰ দুটা অলিম্পিক্সত সোণজয় কৰিছিল । লগতে ১৪টা বিশ্ব চেম্পিয়নশ্বিপ পদকো লাভ কৰিছে । অৱশ্যে ২০০১ত নিষিদ্ধ মাদক সেৱনৰ অভিযোগত ডোপ পৰীক্ষাত ধৰা পৰে তেওঁ । সেই সময়ত তেওঁৰ ওপৰত দুবছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হৈছিল । পুটিনৰ স’তে তেওঁৰ ৰসায়নক লৈ যথেষ্ট কৌতূহলী পশ্চিমীয়া সংবাদমাধ্যম ।

বিগত এপ্রিলত সংবাদমাধ্যৰ দাবী আছিল, পুটিনৰ তিনি সন্তানৰ জননী ৩৯ বছৰৰ আলিনা । যদিও এই বিষয়ত তেওঁ মুখ খোলা নাই । অৱশ্যে প্ৰায় দুমাহ আগতে এই খবৰে হৈ চৈ লগাইছিল । পুটিন-ঘনিষ্ঠ হিচাপে তেওঁৰ ওপৰত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে ব্রিটেইন, কানাডা আৰু ইউৰোপীয় ইউনিয়নে ।

Exit mobile version