মেষঃ মন স্থিৰ ৰখাৰ দৰকাৰ হ’ব । অনাহক হ’লেও মন বিৰোধী কথাত খং উঠিব পাৰে । ভবা মতে কামত অগ্ৰসৰ হ’ব । শুভ বৰ্ণ মেৰুন । মেৰুন ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ২ ।
বৃষঃ চোৰৰ পৰা সাৱধান থাকক । মুক্তভাৱে ধন নাৰাখিব । বিদ্যাত মধ্যম । মন চঞ্চল থাকিব । শুভ বৰ্ণ গাঢ় নীলা । এই ৰঙৰ ব্যৱহাৰে আপোনাৰ সফলতা আনিব । শুভ সংখ্যা ৪ ।
মিথুনঃ ভ্ৰমণাদি পৰাপক্ষত স্থগিত ৰাখক । শৰীৰৰ প্ৰতিও নজৰ ৰাখিব লাগিব । আত্মীয়ক লৈ উদ্বেগৰ কাৰক । শুভ বৰ্ণ চকলেট ৰং । আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব । শুভ সংখ্যা ৫ ।
কৰ্কটঃ মজলীয়া দিন । অৱশ্যে তাৰ মাজতে দুই-এটা যোগাযোগত আনন্দিত হ’ব । আজি আপোনাৰ শুভ বৰ্ণ হালধীয়া । হালধীয়া ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ১ ।
সিংহঃ আনৰ কথাত উঠা-বহা কৰা সকল সাৱধান থাকক । আজি আপুনি পুৱা বেল গছত পানী ঢালিব । শুভ বৰ্ণ সেউজীয়া । শুভ সংখ্যা ৩ ।
কন্যাঃ বিষয় সম্পত্তিৰ লগত লাগি থকা সকল উপকৃত হ’ব । কিছুমান পাৰিৱেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লোৱাটো টান হ’ব । শুভ বৰ্ণ বগা । বগা ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৬ ।
তুলাঃ দূৰ যাত্ৰাদিত বাধা থাকিব । অনাহক কথা বুলি নজনাৰ বাবে মতান্তৰৰ মাজত সোমাই পৰিব । নতুন সংযোগ আছে । আজি আপুনি কমলা ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ২ ।
বৃশ্চিকঃ আনন্দিত সংবাদ বুলি জানিও নিশ্চিত নহ’ব । শৰীৰ সম্পৰ্কে সচেতন ব্যক্তিৰ চিন্তা কম । আজি আপুনি ৰঙা ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৮ ।
ধনুঃ অভাৱনীয় কথাত খৰচৰ পথ ওলাব । নকৰো বুলি বা নিদিওঁ বুলি ভবা কথাকো ৰাখিব নোৱাৰিব । আপোনাৰ শুভ বৰ্ণ পাতল সেউজীয়া । সেউজীয়া ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৭ ।
মকৰঃ কথা ব্যৱহাৰত সংযত থাকক । ঘৰুৱাত সিমান বেয়া নহয় । বিদ্যাৰ্থীসকলে আজি ৰাতিপুৱা তুলসীৰ তলত পানী ঢালিব । দুখীয়াক দান কৰিব । শুভ বৰ্ণ গুলপীয়া । শুভ সংখ্যা ৯ ।
কুম্ভঃ উন্নত পৰিৱেশ । ঘৰুৱা মনোমত পৰিৱেশ আশা কৰিব পাৰে । সন্তানৰ সান্নিধ্যত উৎসাহিত । আপুনি আজি ক’লা ৰঙৰ পৰা বিৰত থাকক । শুভ সংখ্যা ২ ।
মীনঃ কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা । আজি আপুনি যাত্ৰা কৰোতে মাণিবেগত তিনিটা তুলসীৰ পাত ল’ব । ক্ৰীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৬ ।