Sri Lanka Crisis : শ্রীলংকাত ২০ জুলাইত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন, জৰুৰী অৱস্থা জাৰিৰ পাছত ঘোষণা অধ্যক্ষৰ

09srilanka ledeall top sub b articleLarge

গণৰোষৰ পৰা হাত সাৰিবলৈ দেশ এৰি পলায়ন কৰিলে শ্রীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষ‌গ । প্রধানমন্ত্রী ৰনিল বিক্রমসিংঘেয়ে অস্থায়ী ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলেও বিক্ষোভকাৰীসকলৰ একাংশৰ সকীয়নিৰ বলি তেঁৱো । এনে পৰিস্থিতিত অহা ২০ জুলাইত শ্রীলংকাত ৰাষ্ট্ৰপতি নির্বাচন হ’ব বুলি বুধবাৰে জনাইছে সেই দেশৰ সংসদৰ অধ্যক্ষ মহিন্দা য়পা অবেৱৰ্দনাই ।

ৰাষ্ট্ৰপতি গোতাবায়াই দেশ ত্যাগ কৰাৰ পাছত বুধবাৰে জৰুৰী অৱস্থা জাৰি হৈছে শ্রীলংকাত । অশান্তি ৰোধ কৰিবলৈ ৰাজধানী কলম্বোসহ বহুকেইটা অঞ্চলত নানা বিধিনিষেধ জাৰি কৰিছে আৰক্ষীয়ে । যদিও সেয়া উপেক্ষা কৰি অব্যাহত আছে বিক্ষোভ । ৰাজাপক্ষ‌ই শ্রীলংকা এৰি মলদ্বীপত আশ্রয় লৈছে বুলি শ্রীলংকাৰ সংবাদমাধ্যমৰ দাবী । যদিও এই বিষয়ত মলদ্বীপ চৰকাৰে এতিয়াও একো জনোৱা নাই । অবেৱৰ্দনাই বুধবাৰে বিয়লি জনাইছে, ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ দিব ৰাজাপক্ষ‌ই ।

অবেৱৰ্দনাই বুধবাৰে কয়, ‘‘সংবিধানৰ ৩৭(১) ধাৰা অনুযায়ী কার্যনির্বাহী ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছে প্রধানমন্ত্রী বিক্রমসিংঘেয়ে । ২০ জুলাইত নতুন ৰাষ্ট্ৰপতি নির্বাচন হ’ব ।’’

অৱশ্যে অহা ২০ জুলাইত শ্রীলংকাত নতুন ৰাষ্ট্ৰপতি নির্বাচনৰ ঘোষণা কৰিলেও কি পদ্ধতিত নিৰ্বাচন কৰা হ’ব, সেই বিষয়ত তেওঁ একো জনোৱা নাই । ভাৰতৰ দৰে কেৱল মাত্র সাংসদ-বিধায়কসকলে নহয়, শ্রীলংকাৰ ৰাষ্ট্ৰপতি নির্বাচনত ভোট দিয়ে সেই দেশৰ প্রত্যেক নাগৰিকে । ইমান কম সময়ৰ ভিতৰত সেই আয়োজন কার্যত অসম্ভৱ । এই ক্ষেত্রত সংবিধান সংশোধনৰ মাধ্যমত নির্বাচিত জনপ্রতিনিধিসকলৰ ভোটত নতুন ৰাষ্ট্ৰপতি নির্বাচিত হ’ব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ একাংশৰ ধাৰণা ।

Exit mobile version