Agnipath Scheme: অগ্নিপথৰ বাবে সেনাত স্থায়ী নিয়োগ বন্ধ ? দিল্লী উচ্চ ন্যায়ালয়ত গৃহীত শুনানিৰ আবেদন

6d69c7124faf0e1d0ef3efc3c01e7478 original

অগ্নিপথ প্রকল্প আৰম্ভ হোৱাৰ পাছত ভাৰতীয় সশস্ত্র বাহিনীত স্থায়ী নিয়োগ অনিশ্চিত হৈ পৰিছে বুলি অভিযোগ । এনে পৰিস্থিতিত শীঘ্ৰে সেনাত স্থায়ী নিয়োগৰ প্রক্রিয়া আৰম্ভ কৰাৰ দাবীত এটা আবেদন জনোৱা হৈছিল দিল্লী উচ্চ ন্যায়ালয়ত । মঙলবাৰে উচ্চ ন্যায়ালয়ৰ প্রধান ন্যায়াধীশ সতীশচন্দ্র শর্মাৰ বেঞ্চে গোচৰটো শুনানিৰ বাবে গ্রহণ কৰিছে । প্রসংগত, মঙলবাৰে উচ্চতম ন্যায়ালয়ে অগ্নিপথ সংক্রান্ত গোচৰবোৰৰ শুনানিৰ দায়িত্ব দিছে দিল্লী উচ্চ ন্যায়ালয়ক ।

দিল্লী উচ্চ ন্যায়ালয়ত আবেদনকাৰী ৰাহুলে জনাইছে ২০২০ৰ জুলাইত হাৰিয়ানাৰ সেনা নিয়োগ কেন্দ্রৰ এটা বিজ্ঞাপনৰ পৰিপ্রেক্ষিতত তেওঁ সৈনিক (জেনেৰেল ডিউটি) পদৰ বাবে আবেদন জনাইছিল । সেই পদৰ উপৰিও অন্যান্য প্রার্থীসকলে সেনাবাহিনীত প্রযুক্তিগত বিভাগ, নাৰ্ছিং সহকাৰী, ভেটেৰিনাৰী, ক্লার্ক, ষ্ট’ৰ কিপাৰসহ বিভিন্ন বিভাগত চাকৰিৰ বাবে আবেদন জনায় । শাৰীৰিক সক্ষমতা আৰু মেডিকেল পৰীক্ষাও হৈ গৈছিল । কিন্তু সেই নিয়োগ এতিয়াও হোৱা নাই ।

বিশেষকৈ, ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুবছৰৰ অধিক সময় ধৰি ভাৰতীয় সেনাৰ তিনি শাখাৰ (স্থল, নৌ আৰু বায়ুসেনা) নিয়মিত নিয়োগ বন্ধ হৈ আছে । অগ্নিপথ প্রকল্পত ‘চুক্তিভিত্তিক সেনা’ নিয়োগৰ প্রক্রিয়া আৰম্ভ হোৱাত সশস্ত্র বাহিনতে স্থায়ী নিয়োগত সম্পূৰ্ণ ইতি পৰিব পাৰে বুলি শংকা কৰা হৈছে । বিষয়টোক লৈ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰা হৈছে ।

Exit mobile version