সেৱাকৰ দিব নিবিচাৰিলে ৰেস্তোৰাঁলৈ নাযাব : দিল্লী উচ্চ ন্যায়ালয়

1600x960 412177 390552 delhi high court

হোটেল-ৰেস্তোৰা‍ঁত সেৱাকৰ আদায় কৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ (চিচিপিএ)-এ জাৰি কৰা নিৰ্দশনাত স্থগিতাদেশ আৰোপ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে যোৱা চাৰি জুলাইত চিচিপিএয়ে এক নিৰ্দেশনা জাৰি কৰি কৈছিল যে হোটেল আৰু ৰেস্তোৰা‍ঁত সৱাকৰ আদায় কৰাটো অন্যায়জনক কাৰ্য।

চিচিপিএৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে ভাৰতীয় ৰাষ্ট্ৰীয় ৰেস্তোৰা‍ঁ সংঘ (এনআৰএআৰ) আৰু ভাৰতীয় হোটেল-ৰেস্তোৰা‍ঁ সংঘই দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আজি ন্যায়ালয়ে বিষয়টোৰ সন্দৰ্ভত স্থগিতাদেশ জাৰি কৰি চৰকাৰক যাৱতীয় তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে কয় যে কোনো ব্যক্তিয়ে যদি সেৱাকৰ আদায় দিব নিবিচাৰে, তেন্ত এই ব্যক্তিয়ে ৰেস্তোৰা‍ঁত প্ৰৱেশ কৰা অনুচিত। এই বিষয়ত ন্যায়ালয়ে ২৪ নৱেন্বৰত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব।

Exit mobile version