শীৰ্ঘেই বন্ধ হ’ব জনছনৰ বেবী পাউডাৰ৷ অহা বছৰৰ পৰা বিশ্বজুৰি ইয়াৰ টাল্ক-আধাৰিত বেবী পাউডাৰ বনোৱা আৰু বিক্ৰী বন্ধ কৰিব বুলি বৃহস্পতিবাৰে ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্মাচিউটিকেল জায়ান্ট জনছন এণ্ড জনছনে ৷ ২০২৩ চনত বিশ্বব্যাপী ইয়াৰ বিতৰ্কিত টাল্ক-আধাৰিত বেবী পাউডাৰৰ বিক্ৰী বন্ধ কৰিব। ইতিমধ্যে ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত টেলকাম বেবী পাউডাৰৰ উৎপাদন বন্ধ কৰিছে জনছনে। জনছনৰ বেবী পাউডাৰ বহু দিনৰ পৰা বহু লোকৰ স্মৃতি জড়িত আছিল ৷
উল্লেখ্য যে কেইবছৰমানৰ পূৰ্বে কোম্পানীটোৰ বেবী পাউডাৰৰ ওপৰত কৰ্কট ৰোগ সন্দৰ্ভত বহুতো অভিযোগ উত্থাপিত হৈছিল।গ্ৰাহকসকলৰ দ্বাৰা ৩৮,০০০ ৰো অধিক মোকৰ্দমা দাখিল কৰা হৈছিল৷ ইযাৰ বাবে জনছন কোম্পানীয়ে এক দীঘলীয়া আইনী যুঁজৰ সন্মুখীন হৈছিল। অৱশ্যে দীৰ্ঘসময়ৰ পাছত কৰ্কট ৰোগৰ প্ৰতিবেদন প্ৰকাশ পাইছিল যদিও পূৰ্বৰ দৰে জনপ্ৰিয়তা হ্ৰাস হোৱাৰ ফলত কোম্পানীৰ সামগ্ৰীৰ বিক্ৰীও যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল।