Taj Mahal : এদিনত ৮০ হেজাৰ দর্শক ! বিনামূল্যে তাজমহল দৰ্শনৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ লাঠি হাতত ল’লে আৰক্ষীয়ে

huge crowds at

১৫ আগষ্ট পর্যন্ত বিনামূল্যে তাজমহল ভ্ৰমণৰ সুযোগ দিছে প্রশাসনে । সেই সুযোগ হেৰুৱাব বিচৰা নাই পর্যটকসকলে । প্রতি দিনে ২৫ হেজাৰৰো অধিক ভ্ৰমণকাৰীয়ে ভিৰ কৰিছে দেশৰ এই ঐতিহ্যমণ্ডিত স্মৃতিসৌধ দৰ্শন কৰিবৰ বাবে ।

কিন্তু শনিবাৰে সকলো অভিলেখ ভংগ হৈছে বুলি জনাইছে ভাৰতৰ পুৰাতত্ত্ব সর্বেক্ষণ (এএছআই)য়ে । তেওঁলোকৰ দাবী, এই এদিনত ৭০-৮০ হেজাৰ লোকে তাজমহল দর্শন কৰিবলৈ আহিছিল । তাজমহল দৰ্শন কৰিবৰ বাবে এক কিলোমিটাৰৰো অধিক শাৰী আছিল পর্যটকৰ ।

ভিৰ ইমানেই বেছি আছিল যে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় । ঠেলা-হেঁচাত বহু পর্যটক আহত‌ও হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি হাতত ল’বলগীয়া হয় । গাইড এছ’চিয়েছনৰ সভাপতি ছামছউদ্দিনে এই পৰিস্থিতিৰ বাবে এএছআইৰ ব্যৱস্থাপনাক দোষাৰোপ কৰিছে । তেওঁ কয়, “কোনো ধৰণৰ প্রস্তুতি অবিহনেই এই সিদ্ধান্ত লৈছে এএছআই-য়ে । তেওঁলোকে জনা উচিত আছিল যে, টিকিট অবিহনে তাজমহল দৰ্শনৰ সুযোগ পালে স্বাভাৱিকৰ তুলনাত ভিৰ বেছি হ’ব । ফলত আগতীয়াকৈ সঠিকভাৱে নিৰাপত্তাৰ ব্যৱস্থাৰ প্রয়োজন আছিল । কিন্তু তেওঁলোকে সেইটো কৰা নাই । ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠিৰ আঘাতত বহু পর্যটক আহত হৈছে ।”

যদিও আগ্ৰাৰ আৰক্ষী ছুপাৰ বিকাশ কুমাৰে দাবী কৰিছে, ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পর্যাপ্ত আৰক্ষী মোতায়েন কৰা হৈছিল তাজমহলৰ প্রৱেশদ্বাৰত । অৱশ্যে পর্যটকসকলৰ ওপৰত কোনো লাঠিচার্জ কৰা হোৱা নাই ।

আগ্ৰাৰ এএছআই প্রধান আৰ কে পেটেলে জনাইছে, আগন্তুক বছৰৰ পৰা যদি ১৫ আগষ্ট পর্যন্ত তাজমহল বিনামূল্যে দর্শনৰ কথা ঘোষণা কৰা হয়, তেনেহ’লে সকলো ধৰণৰ প্রস্তুতি কৰিহে কৰা হ’ব ।

Exit mobile version