মুখ্যমন্ত্ৰী নীতিশ কুমাৰ হেলিকপ্টাৰৰ ইমাৰ্জেন্সি অৱতৰণ

ANI 20220819122642

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হেলকপ্টাৰৰ জৰুৰী অৱতৰণ৷ ৰাজধানী পাটনাৰ পৰা উৰা মৰাৰ মুহূৰ্ততে বেয়া বতৰৰ বাবে পাইলটে ইমাৰ্জেন্সি অৱতৰণ কৰে গয়া এয়াৰপৰ্টত ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে গয়া, জাহানাবাদ আৰু অৰবলৰ খৰাং কবলিত অঞ্চল আকাশমাৰ্গৰে পৰিদৰ্শন কৰাৰ বাবে উৰা মাৰিছিল ৷

বতৰ স্বাভাৱিক হোৱালৈ এয়াৰপৰ্টৰ জিৰণি কোঠাত কিছু সময় ৰয় যদিও বতৰৰ অৱস্থা অপৰিৱৰ্তিত হৈ থকাত পিছত স্থল পথৰে পাটনা অভিমুখে ৰাওনা হয় ৷

পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে গয়াৰ আৰ্বত্ত ভৱনত জিৰণি লয় ৷

Exit mobile version