আবতৰীয়া খৰাংত শ শ বিঘা শালিধানৰ খেতি নষ্ট ,মাছকে ধৰি জলজ প্ৰাণীৰ জীৱনৰ প্ৰতি সংশয়

IMG 20220822 WA0001

 সূৰ্য্য দেৱতাৰ প্ৰচণ্ড উত্তাপে ধৰাৰ বুকুত আবতৰীয়া খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ এফালে টিকা ফটা ৰ’দ বিপৰীতে নাই অকণো বৰষুণ ৷ ফলত খাটিখোৱা চহা কৃষকে মুৰে কপালে হাত দিব লগীয়াত পৰিছে ৷ আন ঠাইৰ কথা বাদে দিলো ৷ কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ড এলেকাৰ কৃষি প্ৰধান গাঁও সমূহৰ খেতিয়কৰ হাহাকাৰ অৱস্থা ৷ প্ৰায় দুমাহ আগত প্ৰলয়ংকৰী বানৰ বিভীষিকাৰ পিছত কৃষক ৰাইজে হাড়ভঙা পৰিশ্ৰমেৰে পথাৰত শালিধানৰ খেতি কৰিছিল ৷ ধাননী পথাৰ সজাল ধৰা এই সময়ত বিগত এক ডেৰ মাহদিন ধৰি এজাক বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাট ধৰিছে ৷

ফলশ্ৰুতিত বংশৰ , গন্ধমৌ , ৰৌমাৰী , শিঙিমাৰী , ভেলামাৰী আদিৰ পথাৰ সমূহৰ শালিধানৰ খেতি ৭৫ শতাংশ ৰ’দৰ উত্তাপত পুৰি গৈছে ৷ সাংবাদিক কনক বৈশ্যকে ধৰি একাধিক কৃষকে জানিবলৈ দিয়া অনুসৰি যদি আৰ ১০/১৫ দিন বৰুণ দেৱতাই এই ধৰাত বৰষুণ নিদিয়ে তেতিয়া সকলো খেতি নষ্ট হব ৷ ফলত দুখীয়া কৃষক সকলক দুৰ্ভিক্ষই গ্ৰাস কৰিব ৷ সাম্প্ৰতিক সময়ত অত্যৱশ্যকী সামগ্ৰীয়ে জুৰুলা কৰাৰ এই শাওন ভাদ মাহত কৃষিজিৱী সকলে শাঁক পাচলি মূলা বেঙেনাৰ খেতি কৰি দুই পইচা আয়ৰ চিন্তা কৰাৰ সময়তে প্ৰকৃতিৰ নিদাৰুণ কোপদৃষ্টিয়ে আশাত চেঁচা পানী দিয়া বুলি কব খোজে ৷ বৰুণ দেৱতা সন্তুষ্ট হৈছে শীঘে বৰষুণৰ আশা মনত পুহি ৰখা বুলি তেঁওলোকে এই প্ৰতিবেদকক জানিবলৈ দিয়ে ৷

Exit mobile version