যুৱতীক অশ্লীল মেছেজ কাণ্ডত সাঙোৰ খোৱা,লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড : বিমান চন্দ্ৰ চেতীয়াক অৱশেষত নিলম্বন

WhatsApp Image 2022 08 26 at 7.29.16 PM

যুৱতীক অশ্লীল মেছেজ তথা যৌনগন্ধী স্ত্ৰীণ শ্বট দি বিতৰ্কত সাঙোৰ খাই পৰা উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ মহাবিদ্যালয় অধ্যক্ষ ড: বিমান চন্দ্ৰ চেতিয়াক অৱশেষত নিলম্বন কৰা হয়।

যুৱতীক দিয়া অশ্লীৰ বাৰ্তা আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বিতৰ্কিত অধ্যক্ষজনৰ বিৰুদ্ধে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আনকি লখিমপুৰ কলেজৰ শিক্ষাৰ্থীৰ লগতে স্থানীয় শিক্ষাব্ৰতী ৰাইজে অধ্যক্ষ গৰাকীৰ বৰ্খাস্তৰ দাবী তোলে ৷ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতে মহাবিদ্যালয় পৰিচালনা কমিটিয়ে ১৫ দিনৰ বাবে অব্যাহতি দিয়ে ৷ কিন্ত পৰিচালনা কমিটিৰ এই সিদ্ধান্তক ৰাইজে সৈমান নহৈ পূবৰ দাবীত অটল হৈ থকাত পৰিচালনা কমিটিয়ে বিষয়টো উচ্চ শিক্ষা সঞ্চালকালয়লৈ এক পত্ৰ প্ৰেৰণ কৰে ৷ আজি উচ্চ শিক্ষা সঞ্চালকালয়ে তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ ১৫ দিনৰ বাবে অধ্যক্ষ ড: বিমান চন্দ্ৰ চেতিয়াক নিলম্বন কৰে ৷
মহাবিদ্যালয় পৰিচালনাৰ বাবে অস্থায়ী ভাৱে ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰূপে নিযুক্তি দিয়া হয় অধ্যাপক ৰঞ্জৱ কুমাৰ বৰাক। সদ্যঅপসাৰিত অধ্যক্ষ ড:বিমান চন্দ্ৰ চেতীয়াৰ বিৰুদ্ধে উদ্থাপিত গোচৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰি যাব ৰঞ্জন কুমাৰ বৰাই ৷
আনহাতে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গই আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি বহু বিৰ্তকিত অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ অধ্যক্ষ গৰাকীয়ে ‘যৌনগন্ধী অশ্লীল মেছেজ কাণ্ডতে ক্ষান্ত থকা নাই,অধ্যক্ষৰ আসনখন হস্তগত কৰিবলৈ বহু অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ কৰাৰ লগতে অধ্যক্ষৰ ডক্টৰেট ডিগ্ৰীৰ ওপৰতো প্ৰশ্ন তোলে আছুৰ নেতৃবৰ্গই ৷ ডক্টৰেট ডিগ্ৰীৰ সন্দৰ্ভত তদন্তৰ দাবী তোলে চৰকাৰৰ ওচৰত ৷

Exit mobile version