ৰঙিয়া আৰক্ষীয়ে আজি পুৱাতে অৰ্তকিতে চ’চাইটিৰ চ’কত অভিযান চলাই দুখন বিলাসী বাহনত পৰা উদ্ধাৰ কৰে অৰ্ধ শতাধিক বন্যপ্ৰাণী ৷ গোপন সূত্ৰৰ পমখেদি ৰখাই থোৱা DL BCA09876 নম্বৰৰ ইনভা আৰু ফৰচুনাৰ গাড়ীৰ পৰা আৰক্ষীয়ে ১৯ টা বিভিন্ন প্ৰজাতিৰ বান্দৰ,দুটা কেংগাৰু, ৩টা চিম্পাজী আৰু সৰু-বৰ বহু কেইটা কাছ আৰু চৰাই জব্দ কৰে৷ উল্লেখ্য যে নিজকে সেনাৰ লোক বুলি চিনাকি দিয়া লোক কেইজনৰ ইনভা গাড়ীখনত আৰ্মী ষ্টিকাৰ লগোৱা আছিল ৷
আৰক্ষীয়ে বাহন দুখনৰ পৰা ৰাহু সিং আৰু কাৰ্তিক নামৰ তামিলনাডুৰ দুজন আটক কৰিছে ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে ধৃত লোক কেইজন বন্যজন্তৰ আন্ত:ৰাষ্ট্ৰীয় সৰবৰাহকাৰীৰ সৈতে জড়িত ৷
আনহাতে ধৃত লোক কেইজনে বন্যপ্ৰাণী সমুহ থাইলেণ্ড আৰু ম্যানমাৰ পৰা সংগ্ৰহ কৰি মিজোৰাম সীমান্তৰ পৰা আনিছিল দক্ষিণ ভাৰতলৈ নিবলৈ ৷এই কথা জেৰাত সদৰি কৰে দুয়ো বন্যপ্ৰেমী সৰবৰাহকাৰীয়ে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷