JAMMU-KASHMIR ACCIDENT:২৪ ঘন্টাৰ ব্যৱধানত জম্মুত সংঘটিত হৈছে দ্বিতীয়টো বৃহৎ বাছ দুৰ্ঘটনা

দ খাৱৈত বাগৰিল বাছ , ৫ জনৰ মৃত্যু

JAMMU-KASHMIR ACCIDENT: বিগত ২৪ ঘন্টাত জম্মু-কাশ্মীৰত দ্বিতীয়টো বাছ দুৰ্ঘটনা সংঘটিত হৈছে । বুধবাৰে পুঞ্চ জিলাত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ বিভীষিকা মাৰ নৌযাওতেই পুনৰ আজি সংঘটিত হৈছে আন এক বাছ দুৰ্ঘটনাৰ ঘটনা । খবৰ অনুসৰি, জম্মু-কাশ্মীৰৰ ৰাজৌৰীত পুৱা সংঘটিত হৈছে এই ভয়ানক বাছ দুৰ্ঘটনা । জম্মুৰ পৰা পুঞ্চ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছ ৰাজৌৰীত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰে ।

দুৰ্ঘটনাত এইপৰ্যন্ত পাঁচজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ লগতে কমেও ২৫ লোক গুৰুতৰভাৱে আহত হৈছে । অৱশ্যে মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । যিহেতু এই মুহূৰ্তলৈকে উদ্ধাৰ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত এতিয়াও মৃত্যুৰ সংখ্যা সঠিককৈ প্ৰকাশ কৰিব পৰা হোৱা নাই । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পাতালালৈ প্ৰেৰণ কৰিছে ।

জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গভৰ্ণৰ মনোজ সিনহাই ধাৰাবাহিকভাৱে সংঘটিত হোৱা দ্বিতীয়টো বাছ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহত সকলক সকলো ধৰণে সহায় কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে । ইফালে বুধবাৰে পুঞ্চ জিলাত সংঘটিত হোৱা আন এক দুৰ্ঘটনাত একেধৰণে এখন মিনি বাছ নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ ফুট দ খাৱৈত বাগৰি পৰিছিল । এই দুৰ্ঘটনাত ছাত্ৰ-ছাত্ৰীসহ ১২ জন লোকৰ মৃত্যু হৈছিল ।

Exit mobile version