Vladimir Putin : যুদ্ধ নকৰিলেই বিপদ ! ৰুছ সৈনিকসকলৰ বাবে কঠোৰ শাস্তিৰ বিধান পুটিনৰ

2022 02 08KRAINE CRISIS PUTIN

যুদ্ধক্ষেত্র এৰি আত্মসমর্পণ কৰিলে বা যুদ্ধ কৰিব নিবিচাৰিলে ৰুছ সৈনিকসকলক কঠোৰ শাস্তি বহা হ’ব । এনেদৰে সতর্ক কৰিলে ভ্লাদিমিৰ পুটিন চৰকাৰে । যুদ্ধত যাবলৈ অস্বীকাৰ কৰিলে তথা যুদ্ধক্ষেত্র এৰি আত্মসমর্পণ কৰিলে ৰুছ সৈনিকসকলৰ ১০ বছৰৰ কাৰাবাসৰ শাস্তি হ’ব পাৰে । এনে কঠোৰ শাস্তিৰ সিদ্ধান্তই লৈছে মস্কোৱে ।

যোৱা ২৪ ফেব্রুৱাৰীৰ পৰা ইউক্রেইনত আগ্রাসন চলাইছে ৰুছ বাহিনীয়ে । ইমান মাহৰ পাছতো ইউক্রেইনক সম্পূৰ্ণ অধীনস্থ কৰিব পৰা নাই পুটিনৰ সৈন্য দলে । যুদ্ধক্ষেত্রত গৈ বহু ৰুছ সৈনিকৰ মৃত্যু হৈছে । এনে পৰিস্থিতিত সম্প্রতি খবৰ বিয়পে যে, বহু ৰুছ সৈনিকেই যুদ্ধ কৰিব বিচৰা নাই । যুদ্ধক্ষেত্রত যোগ দিয়াৰ ভয়ত কোনো কোনোৱে দেশ এৰি পলায়ন কৰিছে বুলিও খবৰ । এই প্রেক্ষাপটত ৰুছ সৈনিকসকলৰ বাবে এই শাস্তিৰ ঘোষণা উল্লেখযোগ্য ।

সম্প্রতি ইউক্রেইনৰ স’তে যুদ্ধত নতুনকৈ সেনা প্ৰেৰণৰ কথা জনাইছে ৰুছ ৰাষ্ট্ৰপতিয়ে । তিনি লাখ অতিৰিক্ত বাহিনীৰ আংশিক সমাৱেশৰ কথা ঘোষণা কৰে । এনেকি, সাধাৰণ জনতাৰ একাংশকো যুদ্ধত প্ৰেৰণৰ কথা ঘোষণা কৰা হৈছে । যাৰ ফলত সেই দেশত যুদ্ধ-বিৰোধী বিক্ষোভ আৰম্ভ হৈছে । ফলত বহুতক আটকো কৰা হৈছে ।

সৈনিকসকলৰ বাবে পুটিনৰ কঠোৰ পদক্ষেপ প্রসংগত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ নাগৰিকসকলক উদ্দেশ্যি কয়, তেওঁলোকৰ ৰাষ্ট্ৰপতিয়ে জানি বুজি দেশৰ নাগৰিসকলক মৃত্যুৰ মুখত ঠেলি দিছে ।

ইউক্রেইনৰ স’তে যুদ্ধ চলি থকাৰ সময়তে দিমিত্র বুলগাকভক উপ প্রতিৰক্ষামন্ত্রীৰ পদৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে । তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে কর্নেল জেনেৰেল মিখাইল মিজিন্তছেভক ।

Exit mobile version