North Korea : পুনৰ দুটা ক্ষেপণাস্ত্র নিক্ষেপ উত্তৰ কোৰিয়াৰ, দাবী জাপান-দক্ষিণ কোৰিয়াৰ, পুনৰ প্রত্যাঘাতৰ শংকা ?

WhatsApp Image 2022 10 09 at 20.00.16

North Korea : পুনৰ ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই । কাংগওন প্রদেশৰ মাঞ্চন অঞ্চলৰ পৰা নিক্ষেপ কৰা হৈছে দুটা বেলিষ্টিক ক্ষেপণাস্ত্র । ক্ষেপণাস্ত্ৰটো উপদ্বীপ অঞ্চলৰ পূৱ উপকূলত পৰিছে । দেওবাৰে দক্ষিণ কোৰিয়াই এই দাবী কৰিছে । তাৰ পাছতেই কঠোৰ সকীয়নি দিছে জাপান আৰু দক্ষিণ কোৰিয়াই ।

জাপানৰ প্রতিৰক্ষামন্ত্রণালয়ৰ ৰাষ্ট্রমন্ত্রী তোছিৰ ইনোৱে জনাইছে, দেওবাৰে নিশা এক বাজি ৪৭ মিনিটৰ পৰ এক বাজি ৫৩ মিনিটৰ ভিতৰত এই দুই স্বয়ংক্রিয় ক্ষেপণাস্ত্র নিক্ষেপ কৰা হৈছে । তেওঁ লগতে জনাইছে, দুটা ক্ষেপণাস্ত্রই জাপানৰ বিশেষ অর্থনৈতিক অঞ্চলৰ বাহিৰত পৰিছে ।

তথ্য অনুসৰি, প্রথম ক্ষেপণাস্ত্রটো প্রায় ৩৫০ কিলোমিটাৰ দূৰৰ পৰা পৰিছে । পাছৰটোৱেও প্রায় সেই দূৰত্বই অতিক্রম কৰিছে । তোছিৰে যদিও জনাইছে, এই ক্ষেপণাস্ত্রৰ বাবে কোনো ক্ষয়ক্ষতি হোৱা নাই । সমুদ্রত কোনো জাহাজ বা নাৱতো আঘাত হানা নাই । অৱশ্যে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰা হৈছে । দক্ষিণ কোৰিয়াৰ প্রতিৰক্ষা বাহিনীৰ তৰফৰ পৰা জনাইছে, উপকূলৱর্তী অঞ্চলত টহলদাৰী বৃদ্ধি কৰা হৈছে ।

সংবাদ সংস্থা চিএনএন-এ দাবী কৰিছে, চলিত বছৰত ২৫টা ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই । যোৱা বৃহস্পতিবাৰেও দুটা বেলিষ্টিক ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে কিমৰ দেশে । দক্ষিণ কোৰিয়াৰ প্রতিৰক্ষা বাহিনীৰ যুগ্ম প্রধানে বিষয়টো উত্তৰ কোৰিয়াৰ ‘গুৰুতৰ প্রৰোচনা’ বুলি উল্লেখ কৰিছে । তীব্র গৰিহণা দি কয়, ‘‘উত্তৰ কোৰিয়াৰ এই পদক্ষেপৰ ফলত সমগ্ৰ কোৰিয়ান উপদ্বীপ অঞ্চলৰ শান্তি আৰু নিৰাপত্তা বিঘ্নিত হৈছে । ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রস্তাৱো অমান্য কৰা হৈছে ।’’ কঠোৰ সকীয়নি দিছে আমেৰিকায়ো ।

Exit mobile version