TITAN SETELLITE : সৌৰ জগতৰ কোনটো উপগ্ৰহত তেলৰ বৃষ্টি হয় ? জানক আৰু পঢ়ক

WhatsApp Image 2022 10 09 at 13.09.54

TITAN SETELLITE : আৰু কিছু বছৰ অপেক্ষা কৰক । যদি এবাৰ এই বিপুল পৰিমাণৰ প্ৰাকৃতিক গেছ ও তেল পৃথিৱীলৈ অনাটো সম্ভৱ হয় , তেন্তে নিশ্চয়কৈ পৃথিৱীত তেলৰ অভাৱ দূৰ হ’ব । এক সহজলভ্য দ্ৰব্যত পৰিণত হ’ব প্ৰাকৃতিক গেছ আৰু তেল । সৌৰ জগতৰ পৃথিৱীৰ কিছু দূৰৈত অৱস্থিত ষষ্ঠ গ্ৰহ হিচাপে আছে শনি গ্ৰহ । যাৰ চাৰিওফালে বলয় ৰেখাই আবৃত হৈ আছে । সেই শনি গ্ৰহৰেই এটা পৰিচিত উপগ্ৰহ হৈছে টাইটান ।

এই টাইটানেই হ’ল সৌৰজগতৰ একমাত্ৰ উপগ্ৰহ ,যাৰ নিজৰ বায়ুমণ্ডল আছে । য’ত প্ৰতি ক্ষণত প্ৰৱল ধুমুহা অহাৰ লগতে বৰষুণ হয় । কিন্তু আচৰিত কথা যে, সেই বৰষুণত পানী নপৰে , পানীৰ পৰিৱৰ্তে তেলৰ বৰষুণ হয়।

আমি জানো যে , পৃথিৱীত য’তেই তেল পোৱা গৈছে , তাতেই মিথেন গেছৰ উপস্থিতি থাকে আৰু এই মিথেন গেছৰে পৰিপূৰ্ণ হৈ আছে টাইটান উপগ্ৰহ । টাইটানত মেঘৰ পৰিৱৰ্তে মিথেনৰ সৃষ্টি হয় আৰু সেই মিথেনৰ পৰাই বৰষুণৰ ৰূপত তেল পৰে সমগ্ৰ উপগ্ৰহটোত । তেনেক্ষেত্ৰত বিশ্বৰ বিজ্ঞানী মহলে টাইটানত উপলব্ধ হোৱা প্ৰাকৃতিক গেছ তথা তেল পৃথিৱীলৈ অনাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।

Exit mobile version