‘ৰামায়ণ’ ধাৰাবাহিকৰ জনপ্ৰিয় মুখ আছিল সুনীল লাহড়ী ।
মিঠুন চক্ৰৱৰ্তী , বিনোদ খান্না , স্মিতা পাটিলৰ দৰে জনপ্ৰিয় তাৰকাৰ সৈতে অভিনয় কৰিছিল সুনীলে । ১৯৮৭ ৰ পৰা ১৯৮৮ চনৰ মাজভাগত দেওবাৰে সকলোৰে ঘৰে ঘৰে দেখা পোৱা গৈছিল একেই দৃশ্য । পৰিয়ালৰ সকলোৱে একেলগে টেলিভিশ্যনৰ সন্মুখত বহিছিল আৰু চাইছিল সেই সময়ৰ অতিকৈ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ‘ ।
ৰাম, লক্ষ্মণ, সীতা , হনুমান , ৰাৱনক পৰ্দাত চোৱাৰ উত্তেজনাই যেন বেলেগ আছিল । ৰামৰ চৰিত্ৰত অৰুণ গোভিলৰ সমান্তৰালকৈ লক্ষ্মণৰ চৰিত্ৰত সুনীল লাহড়ীও সমানেই জনপ্ৰিয় হৈছিল ।
গভীৰ আৰু শান্ত দৃষ্টিৰ সুনীলক লক্ষ্মণৰ চৰিত্ৰৰ বাবে ৰামানন্দ সাগৰে নিৰ্বাচন কৰিছিল । প্ৰথম অৱস্থাত লক্ষ্মণৰ চৰিত্ৰৰ বাবে পৰিচালক –নিৰ্মাতা সাগৰ সঞ্জয় যোগীৰ ওচৰলৈ গৈছিল যদিও পিছত তেওঁক ভৰতৰ চৰিত্ৰৰ বাবেহে নিৰ্বাচন কৰে । সেই সময়ত সংবাদ মাধ্যমৰ খবৰ অনুসৰি , লক্ষ্মণৰ চৰিত্ৰৰ বাবে প্ৰায় ডেৰশ মান অভিনেতাৰ অডিশ্যন লৈছিল যদিও অৱশেষত সুনীলকে এই চৰিত্ৰৰ বাবে নিৰ্বাচন কৰে ।
লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰাৰ পূৰ্বে সুনীলে ডাঙৰ পৰ্দাত অভিনয় কৰিছিল । সুনীলে ৰামানন্দ সাগৰৰ ‘বিক্ৰম-বেতাল’ ধাৰাবাহিকৰ কে’বাটাও খণ্ডত অভিনয় কৰাৰ পিছত ক্ৰমে মোতি সাগৰৰ ‘দাদা-দাদি কি কাহানীয়া ‘ তো অভিনয় কৰে ।
কিন্তু কেনেকৈ সুনীলে অভিনয় জগতত প্ৰৱেশ কৰিছিল ? মধ্যপ্ৰদেশৰ এক অখ্যাত শহৰ দমোহত সুনীলৰ জন্ম হৈছিল । সুনীলৰ পিতৃ পেশাত মেডিকেল কলেজৰ অধ্যাপক আছিল । ভূপালত শিক্ষা গ্ৰহণ কৰা সুনীলে পিছত উচ্চ শিক্ষাৰ বাবে মুম্বাইলৈ আহে । শিক্ষাতকৈ অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল সুনীল। মুম্বাইলৈ গৈয়ে পঢ়া-শুনা শেষ কৰি সুনীলে ডাঙৰ পৰ্দাত কাম কৰাৰ উদ্দেশ্যে কামৰ সন্ধান কৰে ।
১৯৮০ত খাজা আহমেদ আব্বাচৰ পৰিচালনাত ‘দ্য়া নক্সালাইটছ ‘ ছবিত মিঠুন চক্ৰৱৰ্তী আৰু স্মিতা পাটিলৰ লগত অভিনয় কৰাৰ সুযোগ পায় । কিন্তু এই ছবিখন বক্স অফিচত মুখ থেকেচা খায় ।
ইয়াৰ পাঁচ বছৰৰ পিছত জয় প্ৰকাশ বিনায়কৰ ‘ফিৰ আয়ে বৰসাত ‘ ছবিৰ যোগেদি পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহে সুনীল । এই ছবিত অনুৰাধা পেটেল,নীলমৰ দৰে অভিনেত্ৰীৰ লগত কাম কৰাৰ সুযোগ পায় । এই ছবিখন বক্স অফিচত সফলতাৰ মুখ নেদেখিলেও কিন্তু ছবিৰ গান সমূহ যথেষ্ট জনপ্ৰিয় হয় ।
এনেদৰেই ডাঙৰ পৰ্দাৰ পৰা সৰু পৰ্দাত নতুন ইনিংছ আৰম্ভ কৰে সুনীলে । লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰাৰ সময়ত আন এখন জনপ্ৰিয় ধাৰাবাহিকতো অভিনয় কৰিছিল অভিনেতাজনে । চেতন আনন্দৰ পৰিচালনাত ‘পৰমবীৰ চক্ৰ ‘ ধাৰাবাহিকত লেফটেনেণ্ট ৰামৰাঘৱ ৰাণাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ।
ইয়াৰপিছতে ‘লৱ-কুশ ‘, ‘স্বপ্নো কি দুনিয়া’ ধাৰাবাহিকত অভিনয় কৰা দেখা গৈছিল সুনীলক ।
সমান্তৰালকৈ ডাঙৰ পৰ্দাটো কাম কৰিবলৈ চেষ্টা কৰিছিল অভিনেতাজনে । ১৯৯১ চনত মাধৱ ৰাওৰ পৰিচালনাত ‘বাহাৰোঁ কে মঞ্জিল ‘ ছবিত মোনা অম্বেগাঁওকৰ , পৰেশ ৰাউলৰ লগত অভিনয় কৰে । ইয়াৰ দুটা বছৰৰ পিছত কেতন আনন্দৰ পৰিচালনাত শাম্মি কাপুৰ , প্ৰেম চোপ্ৰাৰ লগত ‘ আজা মেৰি জান ‘ নামৰ ৰোমাণ্টিক থ্ৰিলাৰ ছবিত অভিনয় কৰে সুনীলে । একেদৰে ১৯৯৫ চনত জিতেন্দ্ৰ আৰু বিনোদ খান্নাৰ লগতো ‘জনম কুণ্ডলী’ ছবিত অভিনয় কৰে অভিনেতাজনে । উল্লেখযোগ্য যে, ডাঙৰ পৰ্দাৰ নামী অভিনেতাৰ লগত অভিনয় কৰিলেও সুনীল কিন্তু সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত কৰা লক্ষ্মণৰ চৰিত্ৰই দৰ্শকক বেছি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল । যিহেতু লক্ষ্মণৰ চৰিত্ৰত আজিও সুনীলক দৰ্শকে মনত ৰাখিছে ।
ইয়াৰ পিছত কোনো ছবি বা ধাৰাবাহিকত সুনীলক আৰু দেখা পোৱা হোৱা নাছিল । তিনি বছৰ বিৰতিৰ পিছত অভিনেতাজনে অৰুণ গোভিল লগত হাত মিলাই এটা প্ৰযোজনা সংস্থা আৰম্ভ কৰে । এই প্ৰযোজনা সংস্থাৰ পৰাই দুয়ো আঞ্চলিক ছবি নিৰ্মাণৰ কাম কৰে । ক্ৰমে টেলিভিছন পৰ্দা আৰু ডাঙৰ পৰ্দাৰ পৰা হেৰাই যোৱা সুনীলক অৱশ্যেই ২০১৭ চনত ‘ আ ডটাৰ্চ টেল পঙ্খ ‘ ছবিত শেষ বাৰৰ বাবে দেখা পোৱা গ’ল । ইয়াৰপিছত আৰু অভিনেতাজনক কোনো প্ৰডাকশ্যনত দেখা পোৱা হোৱা নাছিল যদিও বৰ্তমান স্ত্ৰী ভাৰতী পাঠকৰ লগত অন্য এক প্ৰযোজনা সংস্থা প্ৰতিষ্ঠা কৰি গুৰু দায়িত্ব লৈ আছে ।
শেহতীয়াকৈ ‘দ্যা কপিল শৰ্মা শ্ব’,’ সা ৰে গা মা পা লিট’ল চেম্পছ ‘ ৰ এক অনুষ্ঠানত অভিনেতাজন অতিথি হিচাপে আহিছিল । সম্প্ৰতি ‘আদিপুৰুষ’ ছবিত মাত্ৰ এটা দৃশ্যত ভুমূকি মাৰিছে অভিনেতাজনে । ‘ৰামায়ণ’ ধাৰাবাহিকত কৰা অভিনয়েৰে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা সুনীলে এনেদৰে পুনৰ অভিনয় জীৱন আৰম্ভ কৰাটো কঠিন বুলি মন্তব্য কৰি আৰু পৰিশ্ৰম কৰিব লাগিব বুলি উল্লেখ কৰে ।