Education Loan : শিক্ষাৰ্থীৰ বাবে সুখবৰ ! কেন্দ্ৰ‌ই ‘গেৰেন্টি-বিহীন’ শিক্ষাঋণৰ ঊর্ধ্বসীমা ১০ লাখ পর্যন্ত বৃদ্ধি কৰাৰ সম্ভাৱনা

WhatsApp Image 2022 10 13 at 13.43.44

Education Loan : ‘গেৰেন্টি’ বিহীন শিক্ষাঋণৰ ঊর্ধ্বসীমা বৃদ্ধি কৰাৰ সম্ভাৱনা কেন্দ্রৰ । প্ৰাপ্ত তথ্য অনুসৰি, এই বিষয়ত চিন্তা-চৰ্চা কৰি কাৰ্যত নামিব দেশৰ বিত্ত মন্ত্রণালয় । ইমান দিনে কোনো বন্ধক বা জমানত নোহোৱাকৈ ৰাষ্ট্রায়ত্ত বেংকবোৰৰ পৰা সাত লাখ ৫০ হেজাৰ টকা পর্যন্ত ঋণ পাইছিল শিক্ষার্থীসকলে । এইবাৰ কেন্দ্র‌ই সেই সীমা বৃদ্ধি কৰি প্ৰায় ১০ লাখ টকা কৰাৰ পৰিকল্পনা কৰিছে ।

এই বিষয়ত ইতিমধ্যে দেশৰ ১২টা ৰাষ্ট্রায়ত্ত বেংকৰ স’তে বিত্ত মন্ত্রণালয়ে আলোচনা কৰিছে । বিষয়টো সন্দৰ্ভত অতি শীঘ্রে কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ স’তেও আলোচনাত মিলিত হ’ব বিত্ত মন্ত্রণালয় । শিক্ষা ঋণৰ ঊর্ধ্বসীমা প্ৰায় ৩৩ শতাংশ পর্যন্ত বৃদ্ধি কৰাৰ বিষয়ত সেই বৈঠকতেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি অনুমান কৰা হৈছে ।

শিক্ষাঋণ দিয়া সন্দৰ্ভত ৰাষ্ট্রায়ত্ত বেংকবোৰৰ বিৰুদ্ধে অৱহেলা কৰাৰ অভিযোগ উঠিছিল সম্প্রতি । অভিযোগ অনুসৰি, ছাত্র-ছাত্রীসকলৰ শিক্ষাঋণ দিয়াত এই বেংকবোৰে নানা নানা অজুহাত দেখুৱাইছে । বিষয়টোত অসন্তোষ্টি প্রকাশ কৰি কিছুদিন পূৰ্বে ৰাষ্ট্রায়ত্ত বেংকবোৰক সতর্ক কৰিছিল কেন্দ্রই । লগতে শিক্ষাঋণ দিয়াৰ পৰিমাণ বৃদ্ধি কৰাৰ নির্দেশো দিয়া হৈছিল তেওঁলোকক । ইয়াৰ মাজতেই কোনো বন্ধকী নোহোৱাকৈ পোৱা ঋণৰ অংক বৃদ্ধি কৰাৰো জল্পনা প্রকাশ্যত আহিছে ।

বিশেষজ্ঞসকলৰ মতে, বহু ক্ষেত্রত শিক্ষাঋণ ‘নন পাৰফৰমিং এছেট’ হৈ যায় । অর্থাৎ ঋণ লৈ গ্রাহকে ঘূৰাই দিব নোৱাৰে । সেয়ে ৰাষ্ট্রায়ত্ত বেংকবোৰে ঋণ দিয়াৰ ক্ষেত্রত অজুহাত দেখুৱাইছিল । অৱশ্যে চৰকাৰৰ তৰফৰ পৰা বেংকসমূহক স্পষ্টভাৱে জনোৱা হৈছে যে, এই বিত্তবর্ষত প্ৰায় ২০ হেজাৰ কোটি টকাৰ শিক্ষাঋণ বিতৰণ কৰিব লাগিব তেওঁলোকে । সেই লক্ষ্যৰ বাবে সম্ভৱত শিক্ষাক্ষেত্রত গেৰেন্টি-বিহীন ঋণৰ ঊর্ধ্বসীমা ১০ লাখ টকা পর্যন্ত কৰাৰ কথা ভাবিছে কেন্দ্রীয় বিত্তমন্ত্রণালয়ে ।

উল্লেখ্য, কে’বাখনো ৰাজ্যত ইতিমধ্যে ৰাজ্য চৰকাৰে দিয়া বৰ্ধিত সুবিধাৰ বাবে শিক্ষার্থীসকলে ১০ লাখ টকা শিক্ষা ঋণ পায় । বেংকসমূহৰ স’তে বৈঠকত সেই বিষয়ত আলোচনাও কৰিছে কেন্দ্র‌ই । সেই ক্ষেত্রত কেন্দ্র‌ই ঊর্ধ্বসীমা বৃদ্ধি কৰিলে এই ৰাজ্যসমূহত হয়তো ৰাজ্য চৰকাৰে বৰ্ধিত সুবিধা দিব নালাগিব । অথবা এই ৰাজ্যসমূহৰ শিক্ষার্থীসকলে ৰাজ্য চৰকাৰৰ সুবিধাৰ স’তে অধিক শিক্ষা ঋণ পাব ।সম্প্ৰতি বেংকসমূহক কেন্দ্রৰ তৰফৰ পৰা ২০ হেজাৰ কোটি টকাৰ শিক্ষাঋণৰ লক্ষ্যমাত্রা পূৰণৰ নির্দেশ দিয়া হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, চলিত বিত্তবর্ষৰ প্রথম ত্রৈমাসিকত এই ঋণদান কৰিবলগীয়া বেংকবোৰে লক্ষ্যমাত্ৰা পূৰণ কৰা নাই । আকাংক্ষিত লক্ষৰ মাত্ৰ ১৯ শতাংশ পূৰণ কৰিবলৈ সক্ষম হৈছে তেওঁলোক ।

Exit mobile version