Museum of Future : ‘ভৱিষ্যতৰ সংগ্ৰহালয়’ত কাম আৰম্ভ ৰবট-কন্যাৰ

WhatsApp Image 2022 10 15 at 16.49.34

Museum of Future : ‘একাধিক ভাষাত অনর্গল কথা কৈ আচৰিত কৰিব পাৰে ! দিশ দৰ্শনৰ কামতো বিশেষ পাৰদর্শী । এয়া কোনো মানুহ নহয় ৰবট ! যদিও আকাৰ, আয়তন, কাম, এনেকি, ৰসবোধতো মানুহৰ লগত তেওঁৰ অধিক পার্থক্য নাই । ডুবাইৰ বিখ্যাত ‘মিউজিয়াম অৱ ফিউচাৰ’-ৰ কর্মচাৰীৰূপে সদ্য ‘কর্মজীৱন’ আৰম্ভ কৰিছে আমেকা নামে এই ৰবট-কন্যাই !

বিশ্বৰ সৰ্ব উন্নত ৰবটৰ শিৰোনাম পাবলৈ সক্ষম হৈছে যদিও আমেকাই এতিয়াও খোজকাঢ়িবলৈ সক্ষম হোৱা নাই । মিউজিয়াম অৱ ফিউচাৰৰ দ্বাৰা আয়োজিত প্রদর্শনী, ‘টুডে টুমৰ’-ত পর্যটকসকলৰ স’তে কথা পতা আৰু তেওঁলোকক সহায় কৰা দেখা যাব আমেকাক । কর্তৃপক্ষ‌ই জনাইছে, পর্যটকসকলক আদৰণি জনোৱাৰ পৰা তেওঁলোকক দিশ নির্দেশ কৰি দিয়া, আনকি তেওঁলোকক নানান প্রশ্নৰ উত্তৰ দিয়াৰ দায়িত্বও আমেকাক দিয়া হৈছে । এই প্রসংগত আমেকাৰ প্রস্তুতকাৰী সংস্থা ‘ইঞ্জিনিয়াৰড্ আর্টছ’এ কৈছে, ‘‘আমাৰ দৃঢ় বিশ্বাস, আমেকাক লগ পালে সকলোৱে মুখত হাঁহি লৈয়ে উভতিব । কাৰণ তেওঁৰ ৰসবোধ !’’

সংগ্ৰহালয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ত দেখা গৈছে, আয়া নামে সংগ্ৰহালয়ৰ এজন কর্মচাৰীয়ে আমেকাক প্ৰশ্ন কৰিছে, ‘‘তুমি ইয়াৰ নতুন কর্মচাৰী নেকি ?’’ উত্তৰত আমেকাই কয়, ‘‘ঠিক ধৰিছ । আজি মোৰ প্রথম দিন । মোৰ নাম আমেকা… ম‌ই আপোনাক সহায় কৰিবলৈ আহিছো । ভয় নকৰিব, ম‌ই আপোনাৰ কাম কাঢ়িবলৈ অহা নাই ।’’

Exit mobile version